অসম
আৰক্ষীৰ জালত তিনি ম’ষ্ট ৱাণ্টেদ ডকাইত…

যোৰাবাট আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ গেং।
শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এখন তেল পৰিবাহী টেংকাৰৰ পৰা আটক এই তিনি দুধৰ্ষ ডকাইত।
আটক শিলচৰৰ তিনি ম’ষ্ট ৱাণ্টেদ ডকাইত।
ধৃত তিনি ডকাইত হৈছে কমৰুল ইছলাম, আব্দুল হুছেইন বাৰভূঞা আৰু আনোৱাৰ হুছেইন লস্কৰ।

দীৰ্ঘদিন ধৰি শিলচৰৰ বিভিন্ন স্থানত ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই তিনি ডকাইতে।
এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই তিনি ডকাইতক।
ইতিমধ্যে ডকাইতৰ দলটোক যোৰাবাট আৰক্ষীয়ে শিলচৰ আৰক্ষীক চমজাই দিয়ে।