আৰক্ষীৰ জালত চিকিৎসকৰূপী ডকাইত, যুৱতী অপহৰণৰ লগতে কিডনী ৰেকেট চলোৱাৰ অভিযোগ…

দিছপুৰ আৰক্ষীৰ জালত পৰিছে পুনেৰ এগৰাকী চিকিৎসকক।

কিডনী সৰবৰাহৰ উপৰি যুৱতী অপহৰণ কাৰ্যতো লিপ্ত চিকিৎসকগৰাকী৷

অগাধ সম্পত্তিৰ গৰাকী চিকিৎসকগৰাকীৰ সন্ধান দিব পৰাজনলৈ ঘোষণা কৰিছিল ১০হাজাৰ টকাৰ পুৰস্কাৰ৷

photo-2021-11-13-17-48-51

মহানগৰীত গ্ৰেপ্তাৰ হোৱা চিকিত্সকৰূপী ডকাইতটোৰ নাম ডঃ ৰিচাৰ্ড আব্ৰাহম লোৰেন্স ওৰফে অক্ষয় কুমাৰ ওৰফে ববী৷

অসমত নাম সলাই ESIC হাস্পতালত আছিল কৰ্মৰত আছিল৷

অসমৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ ডঃ ৰিচাৰ্ডৰ বিৰুদ্ধে।

কেৱল অসমতেই নহয় ডেৰাডুনতো এইগৰাকী চিকিৎসৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ।

তাৰোপৰি ২০১৭ চনত কিডনী ৰেকেট চলোৱাৰো গোচৰ আছে চিকিৎসক জনৰ বিৰুদ্ধে।

লগতে চাওকঃ ভূ-পৃষ্ঠৰ পৰা ৪,০১৬ মিটাৰ উচ্চতাত হট্ এয়াৰ বেলুনৰ ওপৰত উৰিল যুৱক, দৃশ্য ভাইৰেল

G1

চাৰি বছৰ ধৰি পলাটক অৱস্থাত আছিল চিকিৎসকজন৷ চিকিৎসকজনৰ ভাতৃৰ লগতে পিতৃও আছিল চিকিৎসক৷

কিডনী সৰবৰাহৰ লগত ভাৰতৰ বিভিন্ন স্থানৰ পৰা উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৮ জন চিকিৎসকক।

ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা ডেৰাডুনৰ আৰক্ষীক দিছপুৰ আৰক্ষীয়ে গতাই দিয়ে চিকিৎসকৰূপী ডকাইতক৷

ভাৰতৰ বিভিন্ন ৰাজ্যৰ দুখীয়া লোকক চাকৰিৰ প্ৰলোভন দি কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল এই চক্ৰটোৱে৷

ডুবাই, উমান আদিকে ধৰি কেইবাখনো ধনী ৰাষ্ট্ৰলৈ কিডনী সৰবৰাহ কৰিছিল এই চক্ৰটোৱে৷

৩৫ লাখৰ পৰা এক কোটি টকাৰ বিনিময়ত এই চক্ৰটোৱে বিক্ৰী কৰি আহিছিল কিডনী৷

লগতে চাওকঃ শােকাৱহ! দুখন বাছৰ মাজত পিষ্ট হৈ ১৬ বছৰীয়া কিশোৰীৰ মৃত্যু

G1

Leave a Comment