আৰক্ষীৰ জালত গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত দুই মহিলাসহ চাৰিজন…

এইবাৰ গৰুৰ চোৰাং ব্যৱসায়ত নামিল মহিলা।

আৰক্ষীৰ জালত গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত দুই মহিলাসহ চাৰিজন।

দেওবাৰে নিশা নাহৰকটীয়াৰ জয়পুৰ থানাৰ অন্তৰ্গত দিঘলীঘাটত স্থানীয় লোকে ৭টাকৈ চোৰাং গৰুসহ এখন বলেৰ’ পিকআপ জব্দ কৰে।

লগতে দুগৰাকী মহিলা আৰু দুজন লোকক কৰায়ত্ত কৰে।

জানিব পৰা মতে, নিশা অৰুণাচলৰ লাজুৰ নিৱাসী নালী ৰাংৱাং নামৰ লোকজনে তেওঁৰ লগত দুগৰাকী মহিলা আৰু গাড়ী চালক বুকেন শেনচোৱাসহ এ এছ ২৩ বিচি ৯৩৭১ নম্বৰৰ বলেৰ’ পিকআপত ৭টাকৈ চোৰাং গৰু জয়পুৰৰ টিপাম অঞ্চলৰ পৰা অৰুণাচলৰ লাজুলৈ নি আছিল।

স্থানীয় ৰাইজে গাড়ীখন ৰখাই সোধা–পোছা কৰাত কোনোধৰণৰ চালান নাইবা অন্য নথিপত্ৰ নথকাত জয়পুৰ আৰক্ষীক খবৰ দিয়ে।

পিছত জয়পুৰ আৰক্ষী উপস্থিত হৈ উক্ত গৰুকেইটা জয়পুৰ থানালৈ লৈ আনে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে।

Leave a Comment