আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰী, অৰ্ধ শতাধিক দুষ্প্ৰাপ্য বন্যপ্ৰাণী জব্দ…

আৰক্ষীৰ বৃহৎ সফলতা।

ৰঙিয়াত আৰক্ষীৰ জালত পৰিছে আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰীৰ এটা দল।

অভিযানত জব্দ অৰ্ধ শতাধিক দুষ্প্ৰাপ্য বন্যপ্ৰাণী।

জব্দকৃত বন্যপ্ৰাণী খিনিৰ মাজত আছে- ২ টা কেংগেৰু, ২ টা চিম্পাজী, ১৯ টা বান্দৰ, ১৮ টা কাছ, ২ টা ভাটৌ।

মিজোৰামৰ পৰা দিল্লীলৈ নিয়া বিলুপ্ত দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী সৰবৰাহ কৰা বাহন দুখনো জব্দ কৰিছে আৰক্ষীয়ে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দকৃত বন্যপ্ৰাণী খিনিৰ দাম হ’ব কেইবাকোটি টকা।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ ছ’চাইটী চ’কত এখন ফৰচুনাৰ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চোৰাং বন্যপ্ৰাণী খিনি।

জব্দকৃত ফৰচুনাৰ খনৰ নম্বৰ DL 8C AQ 9876..

ম্যানমাৰ-মিজোৰাম সীমান্তৰ পৰা আনিছিল এই বন্যপ্ৰাণী খিনি। বাহন কেইখন দিল্লীৰ বুলি জানিব পৰা গৈছে।