আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ ব্যৱসায়ী, বাসগৃহত উদ্ধাৰ ২৭ লাখ টকা…

অসম আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ ব্যৱসায়ী।

বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এজন আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ ব্যৱসায়ী।

ধৃত চোৰাং সোণ ব্যৱসায়ীজন হৈছে ছাহজাহান আলী ৷

ছাহজাহান আলীৰ ঘৰ বৰপেটাৰ গৰৈমাৰীৰ বাণিয়াৰাপাৰা গাঁৱত ৷ 

ম্যানমাৰৰ পৰা অহা চোৰাং সোণৰ ব্যৱসায়ত জড়িত ছাহজাহান আলী।

ধৃত ছাহজাহান আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ২৭ লাখ, ১১ হাজাৰ ৪৮০ টকা।

ঘৰৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় টকাসমূহ৷ 

মেঘালয় আৰক্ষীৰ খবৰৰ ভিত্তিত অভিযান চলাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহজাহানক।

উল্লেখ্য যে, শুকুৰবাৰে মেঘালয় আৰক্ষীয়ে শ্বিলঙত গ্ৰেপ্তাৰ কৰিছিল যশু মিঞা নামৰ এটা চোৰাং সোণ ব্যৱসায়ীক৷

যশু মিঞাৰ স্বীকাৰোক্তিৰ ভিত্তিতে মেঘালয় আৰক্ষীয়ে খবৰ দিয়াত অভিযান চলাই বৰপেটাৰ বাণিয়াৰাপাৰা গাঁৱৰ পৰা ছাহজাহান আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

মেঘালয়ৰ নংপো থানাত ৰুজু হোৱা ১২২/২২ নং গোচৰৰ অধীনত আজি মেঘালয় আৰক্ষীয়ে ধৃত ছাহজাহান আলীক নিজৰ জিম্মাত ল’ব৷