আৰক্ষীৰ ঘৰত থকা ড্ৰাগছৰ কাৰখানা উৎখাত আৰক্ষীৰ! জব্দ প্ৰায় ৯০ কোটি টকা মূল্যৰ ড্ৰাগছ

নিউজ ডেস্ক। অসমৰ লগতে প্ৰতিবেশী ৰাজ্যতাে সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।

এনে অভিযানৰ মাজতে মণিপুৰ আৰক্ষীৰ বৃহৎ সফলতা।

মণিপুৰৰ ইম্ফল ইষ্ট জিলাত এটা ড্ৰাগছ কাৰখানা উৎখাত কৰে আৰক্ষীয়ে।

Massive-drug-bust-in-Manipur-Brown-sugar-worth-Rs-90-crore-seized-cop-held

ইয়াৰোপৰি ৯০ কোটি টকাৰো অধিক মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ঔষধ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আচৰিত কথাটাে হ’ল যে এই ড্ৰাগছ কাৰখানা এজন আৰক্ষী হেড কনিষ্টবলৰ ঘৰতে চলি আছিল।

ইম্ফল ইষ্টৰ আৰক্ষী অধীক্ষক এন হেৰোজিত সিঙে কয় যে, “জিলাখনৰ য়াইৰিকপোক তুলিহাল আৱাং লেইকাই অঞ্চলত এজন আৰক্ষী হেড কনিষ্টবলৰ বাসগৃহতে ড্ৰাগছ কাৰখানাটো চলি আছিল। আৰক্ষীৰ এটা দলে বুধবাৰে কাৰখানাটোত অভিযান চলাইছিল। য’ত ৪০০ কিলোগ্ৰাম নিষিদ্ধ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।”

অভিযানকাৰী দলটোৱে হেড কনিষ্টবলসহ দুজন লোককো ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নিষিদ্ধ ঔষধখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৯০ কোটি টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।

তেওঁ লগতে কয় যে, গ্ৰেপ্তাৰ কৰা লোক দুজন আৰু জব্দ কৰা ড্ৰাগছ খিনি অধিক অনুসন্ধান আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আন্দ্ৰো আৰক্ষী থানাক হস্তান্তৰ কৰা হয়।

Leave a Comment