আৰক্ষীৰ গুলী খােৱাতকৈ নিচামুক্তি কেন্দ্ৰত থাকি নিজকে সংশোধন কৰাই ভালঃ ড্ৰাগছ আসক্ত যুৱকৰ অকপট স্বীকাৰোক্তি

ড্ৰাগছ এক বৰবিহ! এয়া সকলোৱে জানে। কিন্তু তাৰ পিছতো ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীয়ে এফালৰ পৰা গিলি পেলাইছে আমাৰ সমাজ ব্যৱস্থা! ইজনৰ পিছত সিজন চফল উদ্যমী যুৱকে এই বৰবিহৰ কবলত পৰি জীৱনৰ চন্দ হেৰুৱাই পেলাইছে। যাৰ বাবে সমাজৰ পৰা এই ব্যাধি মৰিষণৰ বাবে তৎপৰ হ’বলগা হৈছে চৰকাৰ-প্ৰশাসনো।

অসম চৰকাৰৰ নিৰ্দেশত শেহতীয়া কিছুদিনত ৰাজ্যজুৰি ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে একাধিক ড্ৰাগছৰ ঘাটি উৎখাত কৰা হৈছে। ড্ৰাগছ সৰবৰাহ, ব্যৱসায় আৰু আসক্তিৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰৰ বাতৰিয়ে প্ৰতিদিনে সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলায়নৰ চেষ্টা কৰা ড্ৰাগছ মাফিয়াক এনকাউণ্টা কৰাৰ অধিকাৰ অসম আৰক্ষীক অৰ্পণ কৰাৰ পিছতে ৰাজ্যত সংঘটিত হৈছে কেইবাটাও এনকাউণ্টাৰৰ ঘটনা। যাৰ ফলত আহত হৈছে ভালেকেইজন ড্ৰাগছ মাফিয়া।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী এই তৎপৰতাই এতিয়া আতংকৰ সৃষ্টি কৰিছে ড্ৰাগছৰ ব্যৱসায়ৰে জড়িত সকলৰ মাজত। ড্ৰাগছৰ কবলত পৰা যুৱক-যুৱতীসকলো এতিয়া আৰক্ষীৰ এনকাউণ্টাৰৰ ভয়ত ত্ৰস্তমান হৈ পৰিছে। যাৰ বাবে ড্ৰাগছ এৰি নিজকে সংশোধন কৰাৰ প্ৰয়াসত নামি পৰিছে বহু যুৱক-যুৱতী।

বিশ্বনাথতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানৰ ভয়ত এতিয়া বহু ড্ৰাগছ-আসক্ত যুৱক-যুৱতীয়ে নিজকে সংশোধন কৰিবলৈ নিচামুক্তি কেন্দ্ৰৰ সহায় লোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ নিচামুক্তি কেন্দ্ৰত ভৰ্তি হোৱা তেনে এজন ড্ৰাগছ আসক্ত যুৱকে অকপটে স্বীকাৰ কৰে আৰক্ষীৰ প্ৰতি থকা ভয়ৰ কথা। যুৱকজনৰ মতে, আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হোৱাতকৈ নিচামুক্তি কেন্দ্ৰত থাকি নিজকে সংশোধন কৰাই ভাল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিশ্বনাথত জিলা আৰক্ষীৰ সহযোগত গঢ় লৈ উঠিছে AWAKENING FOUNDATION নামৰ এটা নিচামুক্তি কেন্দ্ৰ। এই কেন্দ্ৰটো স্থাপন হোৱাৰ পিছতে বহু নিচাসক্ত যুৱক-যুৱতীয়ে নিজকে সংশোধন কৰিবলৈ নিচামুক্তি কেন্দ্ৰটোৰ সহায় লৈছে। আনহাতে বিশ্বনাথ আৰক্ষীয়েও বহু ড্ৰাগছ আসক্ত যুৱক-যুৱতীক কৰায়ত্ব কৰি সংশোধনৰ বাবে নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছে।

বিশ্বনাথ আৰক্ষীৰ সহযোগিতা তথা ড্ৰাগছসক্ত যুৱক-যুৱতীৰ মনত আৰক্ষীৰ প্ৰতি বৃদ্ধি পোৱা ভয়ে বিশ্বনাথক ড্ৰাগছমুক্ত জিলা হিচাপে গঢ়ি তুলিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

লগতে চাওকঃ

নিজৰ অপহৰণৰ নাটক কৰি ৰঙাঘৰৰ আলহী হ’ল কিশােৰী, গ্ৰেপ্তাৰ বন্ধুসহ প্ৰেমিক

চিকাৰ কৰিবলৈ গৈ নিজেই ’চিকাৰ’ হ’ল এজন আৰক্ষী কনিষ্টবল!

Leave a Comment