আৰক্ষীৰ গুলীত আহত কুখ্যাত গাড়ীচােৰ আনােৱাৰ হুছেইন ওৰফে বগা

নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ গুলীত আহত হ’ল এটা কুখ্যাত অপৰাধী।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব লওঁতেই ভৰিত গুলীবিদ্ধ হ’ল কুখ্যাত গাড়ীচােৰ আনােৱাৰ হুছেইন ওৰফে বগা।

এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী পলাশবাৰীৰ লোহাৰঘাটত।

গুলীবিদ্ধ অপৰাধীটােৰ ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে বিজয়নগৰ ৰ ‘অসম ষ্টোৰ’ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দিন-ডকাইতিৰ অপচেষ্টা চলাইছিল এই অপৰাধীটােৱে।

এই ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে দুদিন পূৰ্বে ছয়গাঁৱৰ কালাতলীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বগাক। লগতে জব্দ কৰিছিল পিষ্টল।

কেৱল এই ঘটনাই নহয়, ৰাজ্যৰ বিভিন্ন থানাত বগাৰ বিৰুদ্ধে ৰুজু হৈছে চুৰি, ডকাইতিৰ বহু গােচৰ।

ইতিপূৰ্বে কেবাবাৰো গ্ৰেপ্তাৰ হৈ জে’লৰ ভাত খাবলগীয়া হৈছে এই কুখ্যাত অপৰাধীটাে।

Leave a Comment