আৰক্ষীৰ অভিযানত ফাৰ্মহাউচত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ ৰঙা চন্দন, গ্ৰেপ্তাৰ ৫ জনক

নিউজ ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ পৰা সৰবৰাহ কৰি কৰ্ণাটকৰ বিক্ৰীৰ বাবে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ মহা মূল্যবান লাল চন্দনসহ এটা চক্ৰৰ ৫ জন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বাংগালুৰু আৰক্ষীয়ে।

আৰক্ষীয়ে অভিযান চলাই বাংগালুৰৰ এটা ফাৰ্ম হাউচত অবৈধভাৱে মজুত কৰি ৰখা প্ৰায় ১৬৯৩ কেজি ৰঙা চন্দন জব্দ কৰে। জব্দকৃত ৰঙা চন্দনখিনিৰ মূল্য ২.৬৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যোৱা ২২ জুলাইত বিনোদ আৰু অজয় নামৰ দুজন ব্যক্তিয়ে মহীশূৰ ৰোডৰ চেটেলাইট বাছ ষ্টেণ্ডৰ ওচৰৰ টিম্বাৰ লেআউটলৈ ১১৩ কেজি ৰঙা চন্দন বিক্ৰীৰ বাবে আহিছিল। অন্ধ্ৰ প্ৰদেশৰ পৰা সৰবৰাহ কৰা ৰঙা চন্দনৰ বিক্ৰীৰ বিষয়ে গোপন তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাই বিনোদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যগিও আনসকল পলায়ন কৰে।

image 278
আৰক্ষীৰ অভিযানত ফাৰ্মহাউচত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ ৰঙা চন্দন, গ্ৰেপ্তাৰ ৫ জনক 2

বাংগালুৰু আৰক্ষী আয়ুক্ত চিএইছ প্ৰতাপ ৰেড্ডীয়ে জানিবলৈ দিয়া মতে, জেৰাৰ সময়ত ধৃত বিনোদে বাংগালুৰুৰ এটা ফাৰ্মহাউচৰ শুকান পানীৰ ছাম্পত বিপুল পৰিমাণৰ ৰঙা চন্দন মজুত কৰি ৰখাৰ কথা স্বীকাৰ কৰে।

ইয়াৰ পিছতে দেওবাৰে আৰক্ষীয়ে ফাৰ্ম হাউচত অভিযান চলাই বৃহৎ পৰিমাণৰ চন্দন খিনি জব্দ কৰিবলৈ সক্ষম হয়। বিনোদৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে নেলামংগলা অঞ্চলৰ পৰা লক্ষ্মৈয়া, সঞ্জয়, ৰাজু, আৰু কৃষ্ণ নামৰ আন চাৰিজনকো গ্ৰেপ্তাৰ কৰে।

অৱশ্যে আৰক্ষীয়ে এতিয়াও ফাৰ্ম হাউচৰ মালিকৰ বিষয়ে কোনো তথ্য লাভ কৰা নাই। আনহাতে ৰঙা চন্দনৰ এই সৰবৰাহ চক্ৰটোৰ সৈতে আন বহু লোক জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে, জব্দ কৰা ৰঙা চন্দন খিনিৰ বয়স ৪০-৫০ বছৰ হব। এই বৃহৎ পৰিমাণৰ চন্দন অন্ধ্ৰ প্ৰদেশৰ পৰা কৰ্ণাটকলৈ কিদৰে সৰবৰাহ কৰা হৈছিল সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰঙা চন্দনৰ মূল্য সৰ্বাধিক। কেৱল অন্ধ্ৰ প্ৰদেশৰ অৰণ্যত উপলব্ধ এই মহা মূল্যৱান ৰঙা চন্দন ভাৰতৰ পৰা ম্যানমাৰ, চীন আদি ৰাষ্ট্ৰলৈ চোৰাংকৈ সৰবৰাহ কৰি আহিছে একাংশই।