আৰক্ষীৰ অভিযানত জব্দ ৫খনকৈ চুৰি মটৰ চাইকেল…

অপৰাধীৰ আশ্রয়স্থলীলৈ পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চল সমূহ।
ধিং আৰক্ষীৰ অভিযানত জব্দ ৫খনকৈ চুৰি মটৰ চাইকেল।
অপৰাধীৰ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ চৰ-চাপৰিৰ অঞ্চলসমূহ।
বিশেষকৈ লহৰিয়া চৰ, বৰবিল চৰ, মাজু চৰ আৰু তিনটেকীয়া চৰকে আদি কৰি বিভিন্ন চৰচাপৰি অঞ্চলসমূহত বসবাস কৰা সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক ভয়-ভাবুকি প্ৰদান কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অপৰাধীয়ে নিৰাপদ স্থান হিচাপে বাহৰ পাতে।
এই চৰাঞ্চলত ধিং আৰক্ষীৰ এটা দলে গোচৰ অনুসন্ধান কৰিবলৈ গৈ সন্দেহত জব্দ কৰে পাঁচখনকৈ মটৰ চাইকেল।
আৰক্ষীয়ে জব্দ কৰা পাঁচখনকৈ মটৰ চাইকেলৰ ভিতৰত দুখন গ্লেমাৰ আৰু তিনিখন পালচাৰ।
এই চুৰি বাইকসমূহ শোমিতপুৰ আৰু নগাঁও জিলাৰ বুলি জনায় আৰক্ষীয়ে।
তাৎপৰ্যপূৰ্ণ বিষয় যে, বাইকসমূহত যি নম্বৰপ্লেট লগোৱা আছে সেই সকলোবোৰ নম্বৰেই ভুৱা।
বাহনৰ চেচিছ নম্বৰৰ ভিত্তিত বিভিন্ন আৰক্ষী থানালৈ প্ৰেৰণ কৰি সন্ধান উলিয়াবলৈ সক্ষম।