আৰক্ষীৰ অভিযানত জব্দ ১২ কোটি টকাৰ ড্ৰাগছ, পলবালৈ চেষ্টা চলোৱা সৰবৰাহকাৰী গুলীবিদ্ধ…

অসম আৰক্ষীৰ বৃহৎ সফলতা।

কাৰ্বি আংলং আৰক্ষীৰ অভিযানত জব্দ ১২ কোটি টকাৰ ড্ৰাগছ।

জিলাখনৰ বোকাজান আৰক্ষীৰ এক বিশেষ তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় ১ কেজি ৭৭ গ্ৰাম হেৰ’ইন।

সৰবৰাহকাৰীয়ে এ এছ ০৯ এইচ ৪২৩৪ নম্বৰৰ এখন স্কুটীত ১৫০ টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি।

আৰক্ষীয়ে অভিযানত দুজন সৰবৰাহকাৰীক আটক কৰিবলৈও সক্ষম হয়।

সৰুপথাৰ নাওঘাটলৈ ড্ৰাগছখিনি নিয়াৰ পথতেই ড্ৰাগছ সৰবৰাহকাৰী বিমল তাচ্ছা আৰু ছাদ্দাম হুছেইনক আটক কৰে আৰক্ষীয়ে।

ইপিনে গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা চলাই ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন।

লগে লগে আৰক্ষীয়ে ছাদ্দাম হুছেইনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।

ভৰিত গুলী লগাৰ ফল আঘাতপ্ৰাপ্ত হয় ছাদ্দাম হুছেইন।

Leave a Comment