আৰক্ষীৰ অভিযানত জব্দ মুম্বাইৰ পৰা চুৰি কৰা বৃহৎ সংখ্যক ম’বাইল ফোন…

আৰক্ষীৰ অভিযানত জব্দ মুম্বাইৰ পৰা চুৰি কৰা বৃহৎ সংখ্যক ম’বাইল ফোন।

নিশা হোজাই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ সংখ্যক এণ্ড্ৰ’ইড ম’বাইল ফোন।

মুম্বাইৰ পৰা চুৰি কৰা ৬০টাকৈ ম’বাইল ফোন জব্দ হোজাই আৰক্ষীৰ।

হোজাই আৰক্ষী, তিনিআলি থানাৰ ভাপ্ৰাপ্ত আৰক্ষী বিষয়াই এক অভিযান চলাই ওদালি অঞ্চলৰ আতিকুৰ ৰহমান নামৰ লোকজনৰ ঘৰত তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় ৬০টাকৈ SAMSUNG কোম্পানীৰ এণ্ড্ৰইড ম’বাইল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আতিকুৰ ৰহমানৰ পুত্ৰ ইকবাল হুছেইনে ম’বাইলকেইটা মুম্বাইৰ পৰা চুৰি কৰি আনি ডিমাপুৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল।

বৰ্তমান দুই পিতা-পুত্ৰ পলাতক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অধীক তথ্যৰ বাবে আতিকুৰ ৰহমানৰ পত্নী আৰু বোৱাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

ইফালে আৰক্ষীয়ে জব্দ কৰা চুৰি ম’বাইলকেইটাৰ মূল্য প্ৰায় ১২ লক্ষাধিক হ’ব বুলি অনুমান কৰা হৈছে।