অসম
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল সোণ, এজনক আটক…

আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল সোণ
বিশ্বনাথৰ বিহালীত প্ৰায় ৬০ কিলোগ্ৰাম নকল সোণ জব্দ কৰিবলৈ সক্ষম হয় বৰগাঙ আৰক্ষীয়ে।
নিশা বৰগাঙ আৰক্ষীয়ে চলাই থকা তালাচীৰ সময়ত এখন তীব্ৰ গতিৰে আহি থকা বগা ৰঙৰ এল্ট’ বাহন আৰক্ষীৰ বেহু ফালি পলাই যায়।
তীব্ৰ গতিৰে পাৰ হৈ যোৱা বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজাত বাহনখনৰ পিছ লয় আৰু কিছুদূৰ যোৱাৰ পিছত বাহনখন ধৰিবলৈ সক্ষম হয়।

জব্দকৃত বাহনখনৰ নম্বৰ এ এছ ০৭ টি ১৫৪৫।
ইয়াৰ পিছতে আৰক্ষীয়ে গাড়ীখনৰ তালাচী চলাই গাড়ীৰ ভিতৰৰ পৰা ৬০ কিলোগ্ৰাম নকল সোণ উদ্ধাৰ কৰে।
লগত এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে বৰগাঙ আৰক্ষীয়ে।
আটক কৰা ব্যক্তিজনৰ নাম হাছিনুৰ ৰহমান বুলি জানিব পৰা গৈছে।