আৰক্ষীৰ অভিযানত চোৰাং হাতী দাঁতসহ গ্ৰেপ্তাৰ খুৰাক-ভতিজাক…

আৰক্ষীৰ অভিযানত চোৰাং হাতী দাঁতসহ গ্ৰেপ্তাৰ খুৰাক-ভতিজাক।

হোজাইৰ ধলপুখুৰীৰ পশ্চিম বালুহণ্ডলৰ এঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে হাতী দাঁত দুটা।

হোজাই আৰক্ষীৰ এটা দলে হোজাইৰ ধলপুখুৰীত পশ্চিম বালুহণ্ডলৰ ৰাণু মজুমদাৰৰ ঘৰৰ পৰা দুটা সন্দেহজনক হাতীৰ দাঁত উদ্ধাৰ কৰে।

লগতে ৰাণু মজুমদাৰ আৰু বাসুদেৱ মজুমদাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সম্পৰ্কত দুইজন খুৰাক-ভতিজাক।

আৰক্ষীয়ে উদ্ধাৰ কৰা হাতীৰ দাঁত দুটাৰ ওজন ৪ কেজি ৮৪৪ গ্রাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জনৈক বাহৰ নামৰ এজনে বিক্ৰীৰ বাবে বাসুদেৱ মজুমদাৰক দিছিল হাতী দাঁত দুটা।

উদ্ধাৰ হোৱা হাতীৰ দাঁত দুটাৰ আন্তৰ্জাতিক বজাৰ মূল্য দহ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

এই সংক্ৰান্তত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।