আৰক্ষীৰ অভিযানত গঁড়ৰ খৰ্গসহ আটক দুই সৰবৰাহকাৰী…

আৰক্ষীৰ অভিযানত গঁড়ৰ খৰ্গসহ আটক দুই সৰবৰাহকাৰী

এক গোপন সূত্ৰৰ পম খেদি বোকাখাত আৰক্ষীয়ে গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক খৰ্গসহ আটক কৰে।

আৰক্ষীয়ে বোকাখাতৰ ম’হমাইকী গাঁৱৰ পৰা ভক্তবাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে।

লগতে ধৃত লোকজনৰ ঘৰত চলোৱা তালাচীৰ সময়ত অভিযানকাৰী আৰক্ষীৰ দলে এটা মোনাত লুকুৱাই থোৱা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত ধৃত ভক্তবাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে অভিযান চলাই বোকাখাত আমটেঙা গাঁও নিবাসী বোধেশ্বৰ চিত্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰে।

আৰক্ষীয়ে আটক কৰা ব্যক্তি দুজনে ক’ৰ পৰা কেনেদৰে খৰ্গটো লাভ কৰিছিল, সেই বিষয়ে জানিব পৰা হোৱা নাই।

ফৰেনছিক গৱেষণাৰ তথ্যৰ পিচতহে উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটো আচল নে নকল জানিব পৰা যাব।

উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটোৰ ওজন ২.৩৫২ কিলোগ্রাম।