আৰক্ষীৰ অভিযানত আটক ২৬ জন ৰোহিঙ্গীয়া, জম্মু-কাশ্মীৰৰ পৰা দিল্লী হৈ অসমত উপস্থিত…

আৰক্ষীৰ অভিযানত আটক ২৬ জন ৰোহিঙ্গীয়া।

শিলচৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে আটাইকেজনক।

ৰোহিঙ্গীয়া দলটো দিল্লীৰ পৰা ৰে’লযোগে শনিবাৰে পুৱা উপস্থিত হৈছিল গুৱাহাটী–কামাখ্যা ষ্টেচনত৷

কামাখ্যাৰ পৰা দুখনকৈ  ইন’ভা গাড়ীৰে আজি পুৱতিনিশা শিলচৰ উপস্থিত হয় দলটো৷

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই শিলচৰ আৰক্ষীয়ে আটাইকেজনক আটক কৰে৷

image 164
আৰক্ষীৰ অভিযানত আটক ২৬ জন ৰোহিঙ্গীয়া, জম্মু-কাশ্মীৰৰ পৰা দিল্লী হৈ অসমত উপস্থিত... 2

দলটোত আছে আঠগৰাকী মহিলা আৰু ছয়জন পুৰুষ আৰু বাকীসকল শিশু৷

উল্লেখ্য যে, ম্যানমাৰত ৰোহিঙ্গীয়াসকলৰ ওপৰত চলা নিৰ্যাতনৰ সময়তে এইসকলে দেশ এৰি গোপনে জম্মু কাশ্মীৰত অশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে৷

আৰু জম্মুত দীৰ্ঘ সময় থকাৰ পাছত তাৰ পৰা দিল্লী হৈ শিলচৰত উপস্থিত হৈছে দলটো৷

বৰ্তমান আটকাধীন দলটোক শিলচৰ সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে।

Leave a Comment