আৰক্ষীয়ে খেদি খেদি আটক কৰিলে মাতাল লাডেনক, দীৰ্ঘদিনে গাঁৱত চলাই আহিছিল সন্ত্ৰাস…

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ গাঁৱত দীৰ্ঘদিনে নিচাত মাতাল হৈ সন্ত্ৰাস চলাই অহা লাডেন অৱশেষত পৰলি আৰক্ষীৰ জালত।

গাঁও খনৰ জেহিৰুল ইছলামৰ পুত্ৰ আনোৱাৰ হুছেইন ওৰফে লাডেন নামৰ যুৱকজনে নিচা জাতীয় দ্ৰব্য সেৱন কৰি পৰিয়ালয়ৰ লগতে গাঁওখনত চলাই আহিছিল সন্ত্ৰাস।

দেওবাৰেও লাডেনে মদ খাই নিজ মাতৃক আক্ৰমন কৰাৰ লগতে গাওঁখনৰে ছাহজাহান হুছেইন আৰু ছানোৱাৰ ইছলামক চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰে।

আহত দুয়োগৰাকীক স্থানীয় ৰাইজে কলগাছিয়া বৰপেটা অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰাই।

লাডেনে মদৰ নিচাত মাতাল হৈ কলগাছিয়া-সৰভোগ গড়কাপ্তানী পথতো সন্ত্ৰাস চলাই কেইবাজনো ই-ৰিক্সাৰ চালককো আক্ৰমণ কৰে।

অৱশেষত স্থানীয় ৰাইজে খবৰ দিয়াত কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পথাৰৰ পৰা খেদি খেদি লাডেনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

Leave a Comment