আৰক্ষীয়েই কৰিলে চুৰি! কেমেৰাত বন্দী সমগ্ৰ দৃশ্য, নিলম্বিত

May 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। যেন সৰিয়হৰ ডুলিতেই ভূত। খাকি পোছাকধাৰীক দেখা গল চোৰৰ ৰূপত। যিয়ে সদায় অপৰাধীক ধৰে, তেওঁৱেই হ’ল অপৰাধী।

এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰক্ষীয়ে চুৰি কৰা এক দৃশ্য।

পথৰ কাষত ৰৈ থকা এখন বাহনৰ পৰা কণী চুৰি কৰে এজন আৰক্ষীয়ে।

দৃশ্যটো পাঞ্জাৱৰ। আৰু সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

দৃশ্যটোত দেখা অনুসৰি, পাঞ্জাবৰ ফটেহগড়ৰ চাহিব চহৰত পথৰ কাষৰ এখন বাহনত ৰাখি থোৱা আছে কেইবা প্লেট কণী। সেই সময়ত নাছিল বাহনখনৰ গৰাকী। আৰু সেই সুযোগতে আৰক্ষী কনিষ্টবলজনে চুৰি কৰি নিজৰ পকেটত ভৰাই কেইবাটাও কণী।

বাহনখনৰ গৰাকী আহি পাওঁতেই আৰক্ষীজনে এখন টেম্প’ ৰখাই আঁতৰি গুচি যায় সেই ঠাইৰ পৰা।

অৱশ্যে আৰক্ষীজনে কোনেও তেওঁৰ সেই কাৰ্যক ধৰিব নোৱাৰা যেন দেখুৱালেও গোপন কেমেৰাত বন্দী হৈ আছিল সেই দৃশ্য। যাৰ ফলত মূহুৰ্ততে ভাইৰেল হৈ পৰে দৃশ্যটো।

চণ্ডীগড়ৰ পৰা ৪০ কিমি দূৰত্বৰ ফটেহগড়ৰ সেই দৃশ্য এতিয়া সকলোৰে হাতে হাতে। সেই কাম কৰা আৰক্ষীজনৰ নাম প্ৰীতি পাল সিং বুলি জানিব পৰা গৈছে। তেওঁ পাঞ্জাৱ আৰক্ষীৰ এজন হেড কনিষ্টবল হিচাপে কৰ্মৰত।

পাঞ্জাৱ আৰক্ষীয়ে সেই দৃশ্য প্ৰত্যক্ষ কৰি হেড কনিষ্টবলজনক সাময়িকভাৱে নিলম্বন কৰিছে।

পাঞ্জাৱ আৰক্ষীয়ে টুইটাৰত লিখিছে- “এটা দৃশ্য দেখা গৈছে যে যত হেড কনিষ্টবল প্ৰীতি পাল সিঙে কণী চুৰি কৰিছে। কণীৰ বাহনখনৰ গৰাকী নথকাৰ সুযোগ লৈ তেওঁ এই কাম কৰে। কেমেৰাত ধৰা পৰিছে সেই দৃশ্য। তেওঁক সাময়িকভাৱে নিলম্বন কৰা হৈছে আৰু বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।”

লগতে চাওকঃ

কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো আছে জীয়াই থকাৰ অধিকাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে