fbpx
অসমঅসমীয়া

আৰক্ষীত গুলীত মৃত্যু কুখ্যাত ডকাইত তাইজুদ্দিনৰ, গুলীবিদ্ধ ডকাইত দিলােৱাৰ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত নিহত মহানগৰীৰ ছাত্ৰীবাৰী ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড।

জানিব পৰা মতে, শনিবাৰে নিশা পল্টনবজাৰ আৰক্ষীয়ে ডকাইতটোক লগত লৈ ছিপাঝাৰত চলাইছিল অভিযান।

লুকুৱাই থোৱা ধন উদ্ধাৰৰ বাবে লৈ যোৱাৰ সময়তে তাইজুদ্দিনে আৰক্ষীৰ বেষ্টনী ভাঙি পলাবলৈ চেষ্টা কৰে।

G2 11

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘটনাস্থলীত লুকুৱাই ৰখা পিষ্টলেৰে ডকাইতটোৱে আৰক্ষীক আক্ৰমনলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে তাইজুদ্দিনৰ।

উল্লেখ্য মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত ১০ লাখ টকাৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল তাইজুদ্দিন।

ইপিনে, নলবাৰীৰ জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীত আৰক্ষীৰ গুলীত আহত হ’ল দুৰ্ধৰ্ষ ডকাইত দিলৱাৰ আলী।

চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰোতেই আৰক্ষী গুলী চালনা কৰে ডকাইতটোক।

বিভিন্ন ডকাইটিৰ লগতে হাইৱেৰ ট্ৰাক ডকাইটিৰ লগত জৰিত দিলৱাৰ আলী। সােঁ ভৰিত গুলীৰ আঘাত পােৱা ডকাইতটাে সম্প্ৰতি চিকিৎসাধীন।

ইপিনে, আৰক্ষীৰ অভিযানৰ সমেতে ডকাইত দিলৱাৰৰ চােকা অস্ত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে দৌলশাল আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিষয়া সুৰজিৎ কাথাৰ।

Related Articles

Leave a Reply

Back to top button