আৰক্ষীক আক্ৰমণৰ চেষ্টা চলোৱা ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী, গুলীবিদ্ধ ৰফিকুল ইছলাম…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ দিন দুপৰতে নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ।

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ৰফিকুল ইছলাম।

নগাঁও কাটিমাৰীত দেওবাৰে দিনদুপৰতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা।

ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ যোৱা আৰক্ষীক ড্ৰাগছ মাফিয়াই চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাওতে গুলীচালনা কৰে আৰক্ষীয়ে৷

আক্ৰমণকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ৰফিকুল ইছলাম৷

কাটিমাৰীৰ ৰফিকুলৰ বাসগৃহত চলি থকা ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ গৈছিল আৰক্ষী আৰু CRPF বাহিনী৷

কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পিছতে ড্ৰাগছ মাফিয়া ৰফিকুলে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰাত বাধ্য হৈ গুলীচালনা কৰে আৰক্ষীয়ে।

লগতে আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মফিজুল ইছলাম নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আন চাৰি ড্ৰাগছ আসক্ত যুৱকক আটক কৰে।

Leave a Comment