আহোম সম্প্ৰদায়ক অপমান TMCৰ সাংসদৰ! যৌন নিৰ্যাতনকাৰীৰ প্ৰতিশব্দ শব্দ হিচাপে ‘মিষ্টাৰ গগৈ’ ব্যৱহাৰৰ কথা কৈ বিপদত মহুৱা মৈত্ৰা

নিউজ ডেস্কঃ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা। এইবাৰ অসমৰ এটা বিশেষ সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে মহুৱা মৈত্ৰাৰ বিৰুদ্ধে।

ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰি আনক তুচ্চ প্ৰতিপন্ন কৰাবলৈ গৈ মহুৱা মৈত্ৰাই কৰা এটা টুইটে বিতৰ্কৰ সৃষ্টি কৰিছে সমগ্ৰ দেশৰ লগতে অসমতো। তৃণমূল কংগ্ৰেছৰ সাংসদ গৰাকীৰ এনে মন্তব্যই স্বাভাৱিকতে ক্ষুণ্ণ কৰিছে অসমীয়াক। যাৰ বাবে এতিয়া মহুৱা মৈত্ৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষ।

দৰাচলতে বৃহস্পতিবাৰে সদনত অসংবিধানিক ৰূপে অভিহিত কৰি নিষিদ্ধ কৰা হয় কেইবাটাও শব্দ। যাৰ ভিতৰত আছে ‘যৌন নিৰ্যাতনকাৰী’ শব্দটোও।

ইয়াৰ পিছতেই সদনৰ নীতিৰ বিৰোধিতা কৰি এটা টুইট কৰে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাই। য’ত তেওঁ যৌন নিৰ্যাতনকাৰী শব্দটোৰ প্ৰতিশব্দ হিচাপে ‘মিষ্টাৰ গগৈ’ ব্যৱহাৰ কৰিব বুলি মন্তব্য কৰে।

সাংসদগৰাকীৰ এনে মন্তব্যই এতিয়া ক্ষুণ্ণ কৰিছে অসমৰ গগৈ উপাধিধাৰী আহোম সম্প্ৰদায়ক। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আৰু আনক তুচ্ছ তাচ্ছিল্য কৰাৰ স্বাৰ্থতেই এনেদৰে এটা বিশেষ জাতিক অপমান কৰা কাৰ্যক সহজভাৱে মানি ল’ব পৰা নাই কোনেও।

mahua maitra
আহোম সম্প্ৰদায়ক অপমান TMCৰ সাংসদৰ! যৌন নিৰ্যাতনকাৰীৰ প্ৰতিশব্দ শব্দ হিচাপে 'মিষ্টাৰ গগৈ’ ব্যৱহাৰৰ কথা কৈ বিপদত মহুৱা মৈত্ৰা 2

যাৰ বাবে মহুৱা মৈত্ৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন জাতীয় দল-সংগঠন।

উল্লেখ্য যে, সাংসদ মহুৱা মৈত্ৰাৰ বিতৰ্কিত মন্তব্য এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ‘মা কালী’ক লৈ তেওঁ কৰা মন্তব্যই বিতৰ্কৰ সূচনা কৰিছিল। দেৱী কালীক তেওঁ কেৱল মদ আৰু মাংস খোৱা দেবী হিচাপেহে জানে বুলি মন্তব্য কৰাৰ পিছতে সৰৱ হৈ পৰিছিল হিন্দুত্ববাদী সংগঠনসমূহ।