আহিবলগীয়া ছবিৰ একশ্যন ছিকুৱেন্সৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাত পতিত ছুপাৰষ্টাৰ বিজয় এণ্টনি, হাস্পতালত ভৰ্তি…

নিউজ ডেস্কঃ ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাত পতিত দক্ষিণৰ জনপ্ৰিয় অভিনেতা তথা সংগীত পৰিচালক বিজয় এণ্টনি।

অভিনেতাগৰাকীৰ আহিবলগীয়া ছবি পিচাইকাৰান-২ৰ মালয়েছিয়াৰ লংকাৱীত চলি থকা দৃশ্যগ্ৰহণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, ছবিখনৰ একশ্যন চিকুৱেন্সৰ শ্বুটিঙৰ সময়ত বিজয় এণ্টনিৰ নাওখনে আন এখন নাওত খুন্দা মাৰে।

image 32
আহিবলগীয়া ছবিৰ একশ্যন ছিকুৱেন্সৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাত পতিত ছুপাৰষ্টাৰ বিজয় এণ্টনি, হাস্পতালত ভৰ্তি… 3

এই দুৰ্ঘটনাত আহত হোৱা অভিনেতাগৰাকীক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে বিজয় এণ্টনিৰ।

প্ৰযোজক ধনঞ্জয়নে টুইটাৰত অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰি বৰ্তমান তেওঁ বিপদমুক্ত বুলি জানিবলৈ দিয়ে।

image 33
আহিবলগীয়া ছবিৰ একশ্যন ছিকুৱেন্সৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাত পতিত ছুপাৰষ্টাৰ বিজয় এণ্টনি, হাস্পতালত ভৰ্তি… 4

উল্লেখ্য যে, পিচাইকাৰন নামৰ ব্লকবাষ্টাৰ ছবিখনৰ ছিকুৱেল হিচাপে বৰ্তমান দৃশ্যগ্ৰহণ চলি আছে পিচাইকাৰন-২ৰ।

এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে সংগীত প্ৰযোজনা আৰু ৰচনাও কৰিছে বিজয় এণ্টনিয়ে।

ছবিখনত বিজয়ৰ উপৰিও সহযোগী চৰিত্ৰত অভিনয় কৰিছে জন বিজয়, হৰিশ পেৰাদি, ৱাই জি মহেন্দ্ৰন, যোগী বাবু আৰু অজয় ঘোষ আদিয়ে।

ছবিখন চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত মুক্তি লাভ কৰাৰ আশা কৰা হৈছে।