Fri. Jan 15th, 2021

নিউজ ডেস্ক। মাটি সাষ্টাংগে শুই পৰিছে শতাধিক মহিলা। গাতে গাত লাগি শুই আছে এই মহিলাসকল।

সমীপতে জুম বান্ধি এই দৃশ্য প্ৰত্যক্ষ কৰিছে শ শ পুৰুষ-মহিলাই।

তেনে সময়তে এটা মূৰৰ পৰা মহিলাসকলৰ ওপৰেৰে খােজ কাঢ়ি গৈছে এদল ধৰ্মগুৰুৱে।

তেওঁলােকৰ হাতত আছে ধৰ্মীয় পতাকা।

সেই সময়তে বিভিন্ন ধৰ্মীয় শ্ল’গানেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল।

চাওক এই ভিডিঅ’

এই দৃশ্য ছত্তীশগড়ৰ ধামটাৰী জিলাত অনুষ্ঠিত এক বিশেষ বাৰ্ষিক ধৰ্মীয় উৎসৱৰ। উৎসৱটিৰ নাম মধাই মেলা।

কিন্তু এই মহিলাসকল মাটিত সাষ্টাংগে শুই পৰাৰ কাৰণ কি জানেনে?

দৰাচলতে এই প্ৰতিগৰাকী মহিলাই সন্তানহীন।

বিয়াৰ পাছতাে বহু বছৰ ধৰি সন্তান সুখ লাভৰ পৰা বঞ্চিত মহিলাসকলে ধৰ্মগুৰুৰ আশীষ লাভ কৰিবলৈ এই পুৰণিকলীয়া পৰম্পৰা অনুসৰণ কৰি আহিছে মহিলাসকলে।

জনবিশ্বাস অনুসৰি এনেদৰে ধৰ্মগুৰুসকলৰ পৰা আশীষ ল’লে মাতৃত্ব সুখ লাভ কৰিবলৈ সক্ষম হ’ব মহিলাসকল।

প্ৰাচীন কালৰ পৰাই ছত্তীশগড়ৰ এই জিলাখনত প্ৰতি বছৰে অনুষ্ঠিত হয়।

ক’ভিড-১৯ অতিমাৰীৰ সময়তাে পূৰ্বৰ দৰেই উৎসৱস্থলীত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সমাগম ঘটে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ।