অসমীয়াআন্তঃৰাষ্ট্ৰীয়

আশ্বৰ্যকৰ! ৮খন ঠেংসহ জন্মলাভ এটি ছাগলী পোৱালিৰ, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ কেতিয়াবা সংঘটিত কেতবোৰ পৰিঘটনাই স্তম্ভিত কৰি তোলে সাধাৰণ জনতাক।

অবিশ্বাস্য যেন লগা এনে বিৰল ঘটনা চৰ্চিত হয় সামাজিক মাধ্যমতো।

তেনে এক বিৰল ঘটনাই সংঘটিত হ’ল বাংলাদেশৰ মুলাদুলি অঞ্চলত। য’ত এটা পৰিয়ালৰ ঘৰত জন্মলাভ কৰিলে এটি আঠ ঠেঙিয়া ছাগলী পোৱালিয়ে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিৰল ছাগলী পোৱালিটোৰ ফটো আৰু ভিডিঅ’।

জানিব পৰা মতে, মুলাদুলি অঞ্চলৰ মহম্মদ ছিদ্দিক আলী মোল্লা নামৰ ব্যক্তিজনৰ ঘৰৰ এটা মাইকী ছাগলীয়ে শেহতীয়াকৈ জন্ম দিছিল তিনিটা পোৱালি।

কিন্তু জন্মৰ পিছতে এটি পোৱালিৰ মৃত্যু ঘটে যদিও বাকী দুটা সুস্থ হৈ থাকে।

সুস্থ হৈ থকা ছাগলী পোৱালি দুটাৰে এটাৰ ৮খন ঠেং দেখি স্তম্ভিত হৈ পৰে গৃহস্থৰ লগতে সমগ্ৰ অঞ্চলবাসী।

বিৰল ছাগলী পোৱালি চাবলৈ মোল্লাৰ ঘৰত ভিৰ কৰে অগণন লোকে।

কি কাৰণে ছাগলী পোৱালিটোৱে ৮খন ঠেং লৈ জন্মগ্ৰহণ কৰিলে, তাক লৈও বিভিন্নজনে বিভিন্ন ধৰণেৰে ব্যখ্যা আগবঢ়াইছে।

Related Articles

Back to top button