আশ্বৰ্যকৰ! ৫ বছৰ পূৰ্বে হেৰাইছিল নাকৰ নাকফুলি, অৱশেষত হাওফাওৰ ভিতৰত হ’ল উদ্ধাৰ

নিউজ ডেস্কঃ কাণৰ কাণফুলি, নাকৰ নাকফুলিৰ দৰে সৰু সৰু গহণাবোৰ সহজতে হেৰায়। আৰু হেৰালে এনেবোৰ বস্তু বিচাৰি পাবলৈও টান। কিন্তু এজন যুৱকে ৫ বছৰ পূৰ্বে হেৰুওৱা নাকৰ এটা নাকফুলি অৱশেষত বিচাৰি পালে। কিন্তু য’ত বিচাৰি পালে, সেয়া দেখিয়ে স্তম্ভিত হৈ পৰিল চিকিৎসক।
দৰাচলতে আমেৰিকাৰ ওহায়োত সংঘটিত হৈছে এনে এক আশ্বৰ্যকৰ ঘটনা। য’ত ৫ বছৰ পূৰ্বে হেৰুওৱা এটা নাকফুলি উদ্ধাৰ হ’ল যুৱকৰ হাওফাওৰ ভিতৰত। এক্সৰেৰ সময়ত হাওফাওৰ ভিতৰত সৰু নাকফুলিটো দেখি স্তম্ভিত হৈ পৰে চিকিৎসক সকলো। ঘটনাটোৱে সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।

এই আশ্বৰ্যকৰ ঘটনা সংঘটিত হোৱা ৩৫ বছৰীয়া যুৱকজনৰ নাম হৈছে জ’ই লাইকিন্স। জানিব পৰা মতে, কিছুদিন পূৰ্বে প্ৰচণ্ড কাহত আক্ৰান্ত হৈছিল জ’ই। কাহৰ বাবে উশাহ লোৱাটো অসুবিধাৰ সন্মুখীন হোৱাত তেওঁ চিকিৎসকৰ কাষ চাপে।
চিকিৎসকে প্ৰথমে পৰীক্ষা নিৰীক্ষা কৰি নিমোনিয়া হোৱাৰ সন্দেহ কৰি হাওভাওৰ এক্স-ৰে কৰিবলৈ পৰামৰ্শ দিয়ে। আৰু তাৰ পিছতে এক্স-ৰেত যুৱকজনৰ বাওঁফালৰ হাওফালত প্ৰত্যক্ষ হয় কোনো এক ক্ষুদ্ৰ সামগ্ৰী।

এক্স-ৰে প্লেটখন দেখি নিজেই থতমত খাই পৰে জ’ইয়ে। তেওঁ জানিবলৈ দিয়া মতে, তেওঁৰ বুকুৰ ভিতৰত দেখিবলৈ পোৱা ক্ষুদ্ৰ সামগ্ৰীটো দৰাচলতে তেওঁৰ নাকৰ নাকফুলিহে। যিটো তেওঁ ৫ বছৰ পূৰ্বে হেৰুৱাই পেলাইছিল।
চিকিৎসকে সন্দেহ কৰা মতে, যুৱকজনে নাকফুলিটো পিন্ধি থকা সময়ত কেনেবাকৈ শ্বাস নলীৰে ভিতৰত প্ৰৱেশ কৰি হাওফাওত আৱদ্ধ হৈ পৰে। আৰু যোৱা ৫ বছৰে এনেদৰে হাওফাওতে নাকফুলিটো আৱদ্ধ হৈ আছিল। কিন্তু শেহতীয়াকৈ জ’ই কাহত আক্ৰান্ত হোৱাৰ পিছতহে তেওঁৰ হাওফাওৰ ভিতৰত নাকফুলিটো থকাৰ কথা পোহৰলৈ আহে।

চিকিৎসকে পৰৱৰ্তী সময়ত এটা সৰু অস্ত্ৰোপচাৰৰ জৰিয়তে জ’ইৰ হাওফাওৰ পৰা নাকফুলিটো বাহিৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান জ’ই সুস্থ হৈ থকা বুলিও চিকিৎসকে জনাইছে।
কিন্তু নাকফুলিটো বুকুৰ ভিতৰত এনেদৰে বছৰ বছৰ ধৰি আৱদ্ধ হৈ থকাৰ পিছতো যুৱকজনে কিয় কোনো ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱা নাছিল সেয়া এতিয়াও ৰহস্য হৈ আছে। এই ৰহস্য উদঘাটনৰ বাবে গৱেষণা অব্যাহত ৰাখিছে চিকিৎসকে। ঘটনাটোৱে চিকিৎসকৰ লগতে আনকো স্তম্ভিত কৰি তুলিছে।