fbpx
অসমঅসমীয়া

আশ্বৰ্যকৰ! ৫ দিনে নৈৰ বুকুত সন্ধানহীন হৈ থকা মায়ঙৰ দিপ্তীক জীৱন্তে উদ্ধাৰ

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে…।

সম্পূৰ্ণ ৫ দিনৰ পিছত উদ্ধাৰ হ’ল কলং নৈত সন্ধানহীন হোৱা দিপ্তী বিশ্বাস।

মৰিগাঁও জিলাৰ মায়ঙৰ বহা বজাৰৰ সমীপৰ কলং নৈত ৯ এপ্ৰিলত সন্ধানহীন হৈছিল দিপ্তী বিশ্বাস নামৰ মহিলা এগৰাকী।

G1 18

পুত্ৰ বিকিৰ সৈতে নৈৰ পাৰলৈ যোৱাৰ সময়তে আকস্মিকভাৱে কলঙত পিচলি পৰিছিল মাতৃ-পুত্ৰ।

তাৰ পিছত স্থানীয় ৰাইজে পুত্ৰ বিকিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও সন্ধানহীন হৈ পৰিছিল মাতৃ দিপ্তী বিশ্বাস।

স্থানীয় ৰাইজ, মায়ং আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনীয়ে নৈৰ বুকুত অভিযান চলাইও সন্ধান পোৱা নাছিল মহিলাগৰাকীক।

দুদিন ধৰি সন্ধান চলাই অৱশেষত দিপ্তী বিশ্বাস জীয়াই থকাৰ আশা এৰি দিছিল পৰিয়াল তথা স্থানীয় লোকে।

কিন্তু সকলোকে আচৰিত কৰি শুকুৰবাৰে কলং নৈৰ পাৰত উদ্ধাৰ হ’ল দিপ্তী বিশ্বাস। নৈত গা ধুবলৈ যোৱা একাংশই মহিলাগৰাকীক দেখা পোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

৫ দিন ধৰি নৈৰ বুকুত সন্ধানহীন হৈ থকাৰ পিছত কিদৰে দিপ্তীৰ জীৱন ৰক্ষা পৰিল, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

অৱশ্যে মানসিক অসুস্থতাত ভুগা মহিলাগৰাকীয়ে এতিয়াও কোনো কথা খুলি ক’ব পৰা নাই।

কিন্তু মহিলাগৰাকীক জীৱন্ত অৱস্থাত দেখি স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় ৰাইজে। মাতৃক ওচৰত দেখি আনন্দিত হৈছে কণমানি বিকি বিশ্বাসো।

লগতে চাওকঃ

দুৰ্ঘটনাত পতিত হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ বাহন! ৩ যুৱতীসহ ৫ জনৰ মৃত্যু

G4 12

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!