
নিউজ ডেস্কঃ হাস্পতালৰ সন্মুখৰ পৰা এজন ১৩ বছৰীয়া কিশোৰে ‘হাইজেক’ কৰিলে এখন এম্বুলেন্স!
এই চাঞ্চ্যলকৰ ঘটনা সংঘটিত হৈছে কেৰালাৰ ত্ৰিছুৰত।
জানিব পৰা মতে, ত্ৰিছুৰৰ জিলা চিকিৎসালয়ৰ পৰা এজন কিশোৰে এম্বুলেন্সখন লৈ চহৰৰ মাজেৰে ৮ কিলোমিটাৰ চলাই যায়।
ইফালে ৰাজপথত এজন কিশোৰে এম্বুলেন্স চলাই থকা দেখি একাংশৰ সন্দেহ ঘণীভূত হোৱাত আৰক্ষীক খবৰ দিয়ে।
তাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিভাৱে এম্বুলেন্সখন জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৩ বছৰীয়া কিশোৰজন জিলা হাস্পতালৰ এজন কৰ্মচাৰীৰ পুত্ৰ।
জ্বৰত আক্ৰান্ত হোৱাৰ বাবে কিশোৰজনে হাস্পতালত চিকিৎসা কৰিবলৈ আহিছিল।
আনহাতে হাস্পতালৰ কৰ্মচাৰীৰ পুত্ৰ হোৱাৰ বাবে সকলোৰে পৰিচিত কিশোৰজনে বাধাহীনভাৱে ঘূৰাফুৰা কৰিব পাৰিছিল ইফালে সিফালে।
সেই সময়তে হাস্পতালৰ সন্মুখত ৰখাই থোৱা এম্বুলেন্সখনত ছাবি পাত লাগি থকা দেখি কিশোৰজনে এম্বুলেন্সখন চলাই ৰাজপথেৰে প্ৰায় ৮ কিলোমিটাৰ বাট অতিক্ৰম কৰে।
ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি এম্বুলেন্সখনৰ পঞ্জীয়নভুক্ত চালকজনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।