fbpx
অসমীয়াৰাষ্ট্ৰীয়

আশ্বৰ্যকৰ! যুৱকৰ গুহ্যদ্বাৰত আৱদ্ধ হৈ আছিল ডিঅ’ড্ৰেণ্টৰ বটল, অস্ত্ৰোপচাৰৰ জৰিয়তে বাহিৰ কৰিলে চিকিৎসকে

নিউজ ডেস্কঃ এজন ২৭ বৰ্ষীয় যুৱকৰ গুহ্যদ্বাৰত সোমাই থকা এটা ডিঅ’ড্ৰেণ্টৰ বটল অৱশেষত অস্ত্ৰোপচাৰৰ জৰিয়তে বাহিৰ কৰিবলৈ সক্ষম হ’ল চিকিৎসকে। এনে এক বিচিত্ৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ বৰ্ধমানত।

বৰ্ধমানৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হোৱা এজন যুৱকৰ গুহ্যদ্বাৰৰ পৰা পাৰফিউমৰ প্ৰায় চাৰে সাত ইঞ্চি দীঘল এটা বটল বাহিৰ কৰি হতভম্ব হৈ পৰে চিকিৎসকৰ দলটো। বৰ্তমানো যুৱকজন হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, তীব্ৰ তলপেটৰ বিষত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈছিল যুৱকজন। তাৰ পিছতে চিকিৎসকে এক্স-ৰে কৰাত যুৱকজনৰ দুই নিতম্বৰ মাজত গুহ্যদ্বাৰৰ ভিতৰত ডিঅ’ড্ৰেণ্টৰ বটলটো প্ৰত্যক্ষ কৰে।

deo

চিকিৎসকে অনুমান কৰা মতে, প্ৰায় এমাহ পূৰ্বেই এই বটলটো যুৱকজনৰ গুহ্যদ্বাৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল। হাস্পতালত ভৰ্তি হোৱাৰ পূৰ্বে ২০ দিন ঘৰতে আছিল যুৱকজন। কিন্তু যেতিয়া পেটৰ বিষ অত্যাধিক হ’বলৈ আৰম্ভ কৰে, তেতিয়াহে উপায়ন্তৰ হৈ চিকিৎসকৰ কাষ চাপে।

চিকিৎসকে জানিবলৈ দিয়া মতে, ডিঅ’ড্ৰেণ্টৰ ৭ ইঞ্চিতকৈও অধিক দীঘল বটলটো শৰীৰৰ ভিতৰত সোমাই থকাৰ ফলত যুৱকজনৰ খাদ্যনলী আৰু অন্ত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। যাৰ ফলত ভৱিষ্যতে ডাঙৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে চিকিৎসকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!