
নিউজ ডেস্কঃ সাধাৰণ মানুহৰ ধাৰণা- ঘৰ এটা ভালকৈ সাজিবলৈ হ’লে আহল-বহল ঠাইৰ প্ৰয়োজন।
কিন্তু বিহাৰৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীক উপহাৰ হিচাপে প্ৰদান কৰা এটা ৫ মহলীয়া অট্টালিকাৰ কাৰুকাৰ্য আৰু নিৰ্মাণ কৌশলে এতিয়া আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি।
বিহাৰৰ মুজাফ্ফৰপুৰৰ গণিপুৰত ৰাষ্ট্ৰসংঘৰ বিশেষ উপদেষ্টা সন্তোষ কুমাৰে তেওঁৰ পত্নীৰ বাবে নিৰ্মাণ কৰিছে এই অট্টালিকাটো।

মাত্ৰ ৬ ফুট বহল মাটিত নিৰ্মাণ কৰা ৪৫ ফুট উচ্চতাৰ অট্টালিকাটোৰ নিৰ্মাণ কৌশল আৰু ভিতৰৰ কাৰুকাৰ্যই স্তম্ভিত কৰিছে সকলোকে।
এই বিশেষ অট্টালিকাটোক মুজাফ্ফৰপুৰৰ আইফেল টাৱাৰ হিচাপেও নাম দিছে স্থানীয় লোকে।
প্ৰথমাৱস্থাত সন্তোষ কুমাৰৰ এনেধৰণৰ অট্টালিকা নিৰ্মাণৰ পৰিকল্পনাত সন্মতি জনোৱা নাছিল পৌৰ নিগমৰ অভিযন্তাইও।
কিন্তু সন্তোষ কুমাৰ বিচলিত নহৈ পত্নীৰ বাবে এই ঘৰটো নিৰ্মাণ কৰিবলৈ বদ্ধপৰিকৰ হয়।

যাৰ বাবে অৱশেষত পৌৰ নিগমৰ অভিযন্তাৰ পৰা অনুমোদন লাভ কৰি ৩ বছৰৰ পিছত ২০১৫ চনত সম্পূৰ্ণ হয় অট্টালিকাটোৰ নিৰ্মাণকাৰ্য।
উল্লেখ্য যে, এই অট্টালিকাটোৰ প্ৰতিটো মহলাতে ড্ৰয়িং ৰুম, বেডৰুমৰ লগতে নিৰ্মাণ কৰা হৈছে বেলকনি।
বৰ্তমান এই ঘৰটোত ভাড়াতীয়া হিচাপে আছে কেইবাটাও পৰিয়াল।
আনকি এটা কাৰ্যালয়ো আছে এই অট্টালিকাৰ এটা মহলাৰ।
সৰু পৰিয়াল এটাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা থকা এই অট্টালিকাটো এতিয়া মুজাফ্ফৰপুৰৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।