আশ্বৰ্যকৰ! মন্দিৰৰ ভিতৰত ৰীল ভিডিঅ’ত নৃত্য, নিলম্বন কৰা হ’ল দুগৰাকী মহিলা নিৰাপত্তাৰক্ষীক…

নিউজ ডেস্কঃ মন্দিৰৰ ভিতৰত ৰীল ভিডিঅ’ বনাই নিলম্বিত হ’বলগীয়া হ’ল দুগৰাকী মহিলা নিৰাপত্তাৰক্ষীয়ে।

মধ্যপ্ৰদেশৰ উজ্জীয়নৰ বিশ্ববিখ্যাত শ্ৰী মহাকালেশ্বৰ মন্দিৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, মন্দিৰৰ নিৰাপত্তাত নিয়োজিত দুগৰাকী মহিলা নিৰাপত্তাৰক্ষীয়ে মন্দিৰৰ ভিতৰত বলিউডৰ গীতত বনাইছিল ৰীল ভিডিঅ’।

ইয়াৰ পিছতে মন্দিৰ কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি কৰ্তব্যৰ পৰা নিলম্বন কৰে দুয়োগৰাকী মহিলা নিৰাপত্তাৰক্ষীক।

জানিব পৰা মতে, নিলম্বিত মহিলা নিৰাপত্তাৰক্ষী দুগৰাকীৰ নাম হৈছে পুনম সেন আৰু বছৰা নৱৰাঙ।

দুয়োগৰাকী নিৰাপত্তাৰক্ষীয়ে হিন্দী গীত ‘জিনে কে বাহানে লাখো…’ত বনাইছিল ৰীল ভিডিঅ’।

উল্লেখ্য যে, বিশ্বখ্যাত শ্ৰী মহাকালেশ্বৰ মন্দিৰৰ গৰ্ভগ্ৰহ আৰু নন্দী হলত মোবাইল নিষিদ্ধ কৰা হৈছে।

কিন্তু মন্দিৰৰ অন্য প্ৰান্তত পূৰ্বেও বহু লোকে ৰীল ভিডিঅ’ বা অন্য ভিডিঅ’ প্ৰস্তুত কৰি আহিছে।

তেনে পৰিপ্ৰেক্ষিতত কেৱল ৰীল ভিডিঅ’ বনোৱাৰ বাবেই দুগৰাকী মহিলা নিৰাপত্তাৰক্ষীক নিলম্বন কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।