
নিউজ ডেস্কঃ ১৯৭৫ চনত মুক্তিলাভ কৰা বলিউডৰ চুপাৰহিট ছবি শ্বোলেৰ এটা দৃশ্য সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। য’ত বীৰু অৰ্থাৎ ধৰ্মেন্দ্ৰই বসন্তীক অৰ্থাৎ হেমা মালিনীক প্ৰেম প্ৰস্তাৱ দি সেই প্ৰস্তাৱ গ্ৰহণৰ দাবীত পানীৰ টেংকিত উঠি তাৰ পৰা জঁপিওৱাৰ ভাবুকি দিছিল।
এই ছবিখনৰ সেই দৃশ্যৰ আৰ্হিতে যেন এইবাৰ নিজৰ কথা মনাবলৈ উচ্চ বিদ্যুৎ পৰিবাহী খুঁটাত উঠিল এগৰাকী প্ৰাক্তন কাউন্সিলাৰ।
দিল্লীৰ পৌৰ সভা নিৰ্বাচনত টিকট লাভ নকৰাৰ পিছতে দলৰ কথিত ভুল নীতিৰ প্ৰতিবাদত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ নেতা তথা প্ৰাক্তন কাউন্সিলাৰ হাছিব উল হাছানে।
দেওবাৰে প্ৰাক্তন কাউন্সিলাৰগৰাকীয়ে শাস্ত্ৰী পাৰ্ক মেট্ৰ’ ষ্টেছনৰ সন্মুখত থকা এটা উচ্চ বিদ্যুৎ পৰিবাহী টাৱাৰত উঠি দলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে।
আত্মহত্যাৰ ভাবুকি দিয়া হাছিব উল হাছানে তেওঁৰ মৃত্যুৰ বাবে আম আদমী পাৰ্টীৰ দুৰ্গেশ পাঠক আৰু আতিশী দায়ী হ’ব বুলিও মন্তব্য কৰে।
উল্লেখ্য যে, অহা ৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দিল্লীৰ এমচিডি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শনিবাৰে শাসকীয় আম আদমী পাৰ্টীয়ে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে।
এই তালিকাত হাছিব উল হাছানক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবেই ক্ষুণ্ণ হৈ পৰে প্ৰাক্তন কাউন্সিলাৰগৰাকী।
হাছিব উল হাছানে কয়, ”যদি মোৰ কিবা এটা হয় বা মোৰ মৃত্যু হয় তেতিয়া আম আদমী পাৰ্টিৰ দুৰ্গেশ পাঠক আৰু আতিশী দায়ী হ’ব। মোৰ সকলো নথি-পত্ৰ তেওঁলোকৰ হাতত আছে। সোমবাৰে মনোনয়ন দাখিলৰ শেষ দিন আৰু তেওঁলোকে মোক মোৰ নথি-পত্ৰ দিয়া নাই।’
ইফালে এমচিডি নিৰ্বাচনত তেওঁৰ বিপৰীতে দিপু চৌধুৰীক আম আদমী পাৰ্টীয়ে ৩ কোটি টকাত টিকট বিক্ৰী কৰা বুলিও অভিযোগ কৰে হাছিব উল হাছানে।
Delhi |Had media not come Durgesh Pathak,Atishi,Sanjay Singh wouldn't have returned my paper.They sold ticket to Deepu Chaudhary for Rs 3 Cr,demanded money from me but I don't have any: AAP's Haseeb-ul-Hasan who climbed transmission tower allegedly for not getting MCD poll ticket pic.twitter.com/P5ienYKqVc
— ANI (@ANI) November 13, 2022
এই সন্দৰ্ভত আপৰ স্পষ্টীকৰণো আহিছে। দলটোৱে এক বিবৃতিত কয়- হাছিব উল হাছান এজন নিষ্ঠাৱান আৰু কঠোৰ পৰিশ্ৰমী দলীয় কৰ্মী। টিকট নোপোৱাৰ বাবে তেওঁলোকৰ মন বেয়া হোৱাটো স্বাভাৱিক। টিকট নোপোৱাসকলৰ প্ৰতি দলৰ সহানুভূতি সদায় আছে।
উল্লেখ্য যে, অহা ৪ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে প্ৰথমখন ১৩৪জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। ইয়াত ৭০ গৰাকী মহিলাক টিকট দিয়া হৈছিল। ১১৭ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকাও প্ৰকাশ কৰা হৈছে।