নিউজ ডেস্কঃ নিশা গোপনে প্ৰেয়সীক লগ কৰিবলৈ গৈ ভয়ংকৰ দশা হ’ল এজন প্ৰেমিকৰ। প্ৰেয়সীৰ পৰিয়াল আৰু ৰাইজৰ ভয়ত পলাবলৈ লৈ কুঁৱাত পৰিল প্ৰেমিক যুৱক।
এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ছপৰা জিলাত। ২৫ বছৰীয়া প্ৰেমিকে ২২ বছৰীয়া প্ৰেমিকাক লগ কৰিবলৈ আহি অৱশেষত বহিবলগীয়া হ’ল বিয়াত।
ঘটনাৰ বিৱৰণী অনুসৰি, গাডখা আৰক্ষী থানা এলেকাৰ তেলপাৰ নিবাসী মুন্না কুমাৰ আৰু মতিৰাজপুৰৰ ছোনী কুমাৰীৰ মাজত ৪ বছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক।
শুকুৰবাৰে নিশা মুন্নাই গোপনে মতিৰাজপুৰলৈ প্ৰেয়সীক লগ কৰিবলৈ আহোতেই ছোনীৰ পৰিয়াল আৰু একাংশ ৰাইজে যুৱকজনক দেখা পায়।
তাৰ পিছতে গণপ্ৰহাৰৰ ভয়ত পলাবলৈ চেষ্টা চলায় মুন্নাই। কিন্তু পলাবলৈ কোনো সুৰুঙা বিচাৰি নাপাই অৱশেষত উপায়ন্তৰ হৈ কাষৰ এটা কুঁৱাতেই জঁপিয়াই পৰে যুৱকজনে।
পিছত স্থানীয় ৰাইজে যুৱকজনক ৰছীৰ সহায়ত কুঁৱাৰ পৰা তুলি আনি পঞ্চায়তৰ বিচাৰ পাতে।
পঞ্চায়তত যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিয়াৰ সিদ্ধান্ত লৈ অৱশেষত পৰিয়াল আৰু ৰাইজে গাঁৱৰ মন্দিৰত দুয়োজনকে বিয়া পাতি দিয়ে।
অন্যহাতে বিয়াৰ সময়ত মুন্না কুমাৰে বিয়া পাতিবলৈ অস্বীকাৰ কৰে যদিও পিছত ৰাইজৰ বুজনিত বিয়া পাতি যুৱতীগৰাকীক ঘৰলৈ লৈ যায়।