আশ্বৰ্যকৰ! ঘৰত চলি আছিল দাহ-সংস্কাৰৰ পৰ্ব, ঠিক তেনেতে উপস্থিত হ’ল মৃত যুৱক, অঞ্চলজুৰি চাঞ্চল্য…

নিউজ ডেস্কঃ ঘৰত যুৱকৰ দাহ-সংস্কাৰৰ ৰীতি-নীতি চলি থকাৰ সময়তে হঠাৎ উপস্থিত হ’ল মৃতক যুৱক।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত।

যিজন যুৱকৰ ইতিমধ্যে মৃত্যু ঘটা বুলি পৰিয়ালে দাহ-সংস্কাৰৰ ৰীতি-নীতি সম্পন্ন কৰাত ব্যস্ত হৈ আছিল, সেই সময়তে যুৱকজন ঘৰৰ চোতালত উপস্থিত হোৱাত হতভম্ব হৈ পৰে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।

জানিব পৰা মতে, মুজাফ্ফৰপুৰ জিলাৰ বুধনগৰা গাঁঁৱৰ নিৱাসী সঞ্জীৱ কুমাৰ নামৰ যুৱকজন সন্ধানহীন হৈ আছিল ২৫ আগষ্টৰ পৰা।

তাৰ পিছতে কিছুদিন পূৰ্বে আৰক্ষীয়ে গণ্ডক নদীৰ পাৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ কে এম চি এইচলৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত সঞ্জীৱৰ পিতৃ ৰামসেৱক হাস্পতালখনত উপস্থিত হৈ মৃতদেহটো তেওঁৰ পুত্ৰৰ বুলি চিনাক্ত কৰে।

ইয়াৰ পিছতে ঘৰত এক শোকাকুল পৰিৱেশত আৰম্ভ হয় যুৱকজনৰ শেষ ৰীতি-নীতিৰ পৰ্ব।

যুৱকৰ শ্ৰাদ্ধৰ কাম-কাজ চলি থকাৰ সময়তে হঠাৎ স্বগৃহত উপস্থিত হয় সঞ্জীৱ। যাৰ বাবে কিছু সময়ৰ বাবে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰে।

ইফালে নিজৰ পুত্ৰক সুস্থ আৰু সুৰক্ষিত অৱস্থাত দেখি আনন্দিত হৈ পৰিছে সঞ্জীৱৰ পৰিয়াল। যুৱকজন ঘৰলৈ উভতি অহাৰ খবৰে আনন্দিত কৰিছে অঞ্চলবাসীকো।