নিউজ ডেস্কঃ অনলাইন বজাৰ কৰি বহুজনে বহুবাৰ খাবলগীয়া হৈছে ঠগ।
কেতিয়াবা যদি পেকেজৰ ভিতৰত উদ্ধাৰ হৈছে ইটাৰ টুকুৰা, আন কেতিয়াবা আকৌ গ্ৰাহকে অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে লাভ কৰিছে লোহাৰ টুকুৰা।
তেনে এক ঘটনাই এইবাৰ সংঘটিত হ’ল পশ্চিম বংগৰ আছানছলত।
এটা জনপ্ৰিয় ই-কমাৰ্চ চাইটত আইফোন অৰ্ডাৰ দি ডেলিভাৰীৰ সময়ত বাকচৰ ভিতৰত মাটিৰ টুকুৰাহে লাভ কৰিলে গ্ৰাহকে।
দৰাচলতে আছানছলৰ কুলটি থানা এলেকাৰ বাৰাকৰ হনুমান চৰাৰ জনকপুৰাৰ নিৱাসী শশী যাদৱ নামৰ যুৱকজনে অনলাইনত অৰ্ডাৰ দিছিল এটা আইফোন ১৪প্ৰ’ মেক্স।
ভাতৃৰ জন্মদিনত উপহাৰ হিচাপে প্ৰদান কৰিবলৈ শশী কুমাৰে অৰ্ডাৰ দিছিল আইফোনটো।
অনলাইন শ্বপিং চাইটত অৰ্ডাৰটোৰ ডেলিভাৰীৰ তাৰিখ ২২ মাৰ্চ আছিল যদিও তাৰ এদিন পূৰ্বেই ডেলিভাৰী বয় এজনে অৰ্ডাৰটো দিবলৈ আহে।
উল্লেখ্য যে, শেহতীয়াকৈ অনলাইন শ্বপিঙৰ নামত বৃদ্ধি পোৱা প্ৰৱঞ্চনা ৰোধৰ বাবে প্ৰায়সমূহ ই-কমাৰ্চ চাইটে ডেলিভাৰী বয়ৰ উপস্থিতিত পাৰ্চেল খোলাৰ অনুমতি প্ৰদান কৰিছে।
সেই হিচাপেই শশী যাদৱেও ডেলিভাৰী বয়জনৰ সন্মুখতে পাৰ্চেলটো খোলাত আইফোনৰ বাকচৰ ভিতৰত উদ্ধাৰ হয় মাত্ৰ এটা মাটিৰ টুকুৰা।
এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।
পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অভিষেক মণ্ডল নামৰ ডেলিভাৰী বয়জনক জেৰাৰ বাবে আটক কৰে।