আশ্বৰ্যকৰ! বেংক কেলেংকাৰী গোচৰত অভিযান চলাবলৈ গৈ ব্যৱসায়ীৰ গোপন কোঠাৰ পৰা জব্দ বিলাসী হেলিকপ্টাৰ

নিউজ ডেস্কঃ বৃহৎ বেংক কেলেংকাৰীৰ অভিযান চলাবলৈ গৈ ব্যৱসায়ীৰ বিলাসী বাসগৃহৰ গোপন কোঠাৰ পৰা উদ্ধাৰ হ’ল এখন বিলাসী হেলিকপ্টাৰ! ব্যৱসায়ী অবিনাশ ভোছলেৰ মহাৰাষ্ট্ৰৰ পুনেস্থিত বাসগৃহত চলোৱা অভিযানৰ সময়ত এখন আগস্তা ৱেষ্টলেণ্ড হেলিকপ্টাৰ জব্দ কৰে চিবিআইৰ তদন্তকাৰী দলে।

উল্লেখ্য যে, ১৭টা বেংকৰ ৩৪ হাজাৰ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰত চলোৱা এই অভিযানত ব্যৱসায়ী অবিনাশ ভোছলেৰ বাসগৃহৰ পৰা বহুমূলীয়া ছবি, ভাস্কৰ্য্য, হীৰা আৰু মূল্যৱান ৰত্নৰ দৰে সামগ্ৰীও জব্দ কৰে চিবিআইয়ে।

photo1659332223
আশ্বৰ্যকৰ! বেংক কেলেংকাৰী গোচৰত অভিযান চলাবলৈ গৈ ব্যৱসায়ীৰ গোপন কোঠাৰ পৰা জব্দ বিলাসী হেলিকপ্টাৰ 4

চিবিআইৰ সূত্ৰ অনুসৰি, এই বৃহৎ বেংক কেলেংকাৰী গোচৰটোত চিবিআইয়ে অহৰহ তদন্ত চলাই আছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে এই বৃৃহৎ কেলেংকাৰী গোচৰৰ মূল অভিযুক্ত বাধৱা ভাতৃদ্বয়ৰ ঘনিষ্ঠ হিচাপে পৰিচিত অবিনাশ ভোছলেৰ ঘৰত দেওবাৰে অভিযান চলায়।

অভিযান কালত বিলাসী হেলিকপ্টাৰখনৰ লগতে মূল্যৱান ছবি, হীৰা, ৰত্ন আদি মূল্যৱান সম্পত্তি জব্দ কৰে তদন্তকাৰী দলে। চিবিআইয়ে প্ৰকাশ কৰা মতে, কেলেংকাৰীৰ ধনেৰেই এইসমূহ সম্পদ ক্ৰয় কৰিছিল ব্যৱসায়ী অবিনাশ ভোছলেয়ে।

photo1659332231
আশ্বৰ্যকৰ! বেংক কেলেংকাৰী গোচৰত অভিযান চলাবলৈ গৈ ব্যৱসায়ীৰ গোপন কোঠাৰ পৰা জব্দ বিলাসী হেলিকপ্টাৰ 5

এই বেংক কেলেংকাৰীৰ ধনেৰেই ২০১১ চনত বাধৱা ভাতৃদ্বয় আৰু অবিনাশ ভোছলেৰ অংশীদাৰিত্বত ৫০-৬০ কোটি টকা মূল্যৰ হেলিকপ্টাৰখন ক্ৰয় কৰি লুকুৱাই ৰখা হৈছিল। এই সন্দৰ্ভত সন্দেহ ঘণীভূত হোৱাৰ পিছতে চিবিআইয়ে দেওবাৰে অবিনাশ ভোছলেৰ পুণেস্থিত বাসগৃহত অভিযান চলায় আৰু হেলিকপ্টাৰখন জব্দ কৰে।

image 2
আশ্বৰ্যকৰ! বেংক কেলেংকাৰী গোচৰত অভিযান চলাবলৈ গৈ ব্যৱসায়ীৰ গোপন কোঠাৰ পৰা জব্দ বিলাসী হেলিকপ্টাৰ 6

চি বি আইৰ সূত্ৰ অনুসৰি, অবিনাশ ভোছলে ৱাধৱান ভাতৃদ্বয়ৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত। ব্যৱসায়ীজনক ইতিমধ্যে ইয়েছ বেংক কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছে। এই কেলেংকাৰী আছিল ৪৭২৭ কোটি টকাৰ।

উল্লেখ্য যে, বেংকৰ ৩৪ হাজাৰ কোটি টকা কেলেংকাৰী গোচৰত ইতিমধ্যে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে বাধৱা ভাতৃদ্বয়ক। বৰ্তমান চিবিআইৰ জিম্মাত জেৰা চলাই থকা হৈছে। আনহাতে এই গোচৰত এতিয়ালৈকে চিবিআইয়ে জব্দ কৰিছে কোটি কোটি টকাৰ চিত্ৰ, বহুমূলীয়া ভাস্কৰ্য্য, গহনা আদি।