মিঞা মিউজিয়ামক লৈ চলি থকা বিতৰ্কৰ মাজতে সদৌ অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলী আৰু উপ-সভাপতি আব্দুল বাতেন শ্বেইখক আটক।
মিঞা পৰিষদৰ সভাপতি মহৰ আলীক গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আটক কৰা হৈছে।
আনহাতে ধুবুৰী জিলা আৰক্ষীৰ নিৰ্দেশ মতে গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে উপ-সভাপতি আব্দুল বাতেনক। গৌৰীপুৰৰ আলমগঞ্জৰ বাসগৃহৰ পৰা আটক আব্দুল বাতেনক। ধুবুৰীৰ বি এন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেন।
উল্লেখ্য যে, মিঞা মিউজিয়াম স্থাপনত উদ্যোগ লৈছিল আব্দুল বাতেনে।
উল্লেখ্য যে, কিছুসময় পূৰ্বে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে এক টুইটযোগে জনোৱা অনুসৰি, গোৱালপাৰাৰ মোহৰ আলী আৰু ধুবুৰীৰ আব্দুল বাতেনক ঘগ্ৰাপাৰা থানাত ৰুজু গোচৰ নং 163/22, U/S-120(B)/121/121(A)/122 IPC, R/W-Sec-10/13 UA(P) Act ৰ অধীনত আটক কৰা হৈছে।
দুয়োৰে বিৰুদ্ধে আল কায়দা আৰু আনছাৰুল বাংলা টীমৰ(ABT)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ।
Sri Mohar Ali of Goalpara & Sri Abdul Baten of Dhubri have been detained in connection with Ghograpar PS Case no.163/22, U/S- 120(B)/121/121(A)/122 IPC , R/W-Sec -10/13 UA(P) Act. Further investigation and interrogation would be carried out about their association with AQIS/ABT.
— GP Singh (@gpsinghips) October 25, 2022
আনহাতে, মিঞা মিউজিয়াম উদ্বোধন কৰা ‘আহোম ৰয়েল ছচাইটি’ৰ মূখ্য সম্পাদক টনু ধাদুমীয়া আটক কৰিছে আৰক্ষীয়ে। নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী গাঁৱৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে টনু ধাদুমীয়াক।
উল্লেখযোগ্য যে, আটক কৰা টনু ধাদুমীয়া হৈছে নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ।
উল্লেখ্য যে যোৱা ২৩ অক্টোবৰ তাৰিখে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত সদৌ অসম মিঞা পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত স্থাপন কৰা হৈছিল এটা মিঞা মিউজিয়াম। মিঞা মিউজিয়ামটো স্থাপন হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় তুমুল বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ।
ইয়াৰ পিছতে বুধবাৰে গোৱালপাৰা প্ৰশাসনৰ তৎপৰতাত অবৈধভাৱে নিৰ্মাণ কৰা মিঞা মিউজিয়ামটো ছীল কৰি দিয়া হয়।