আলু-পিয়াঁজৰ মূল্য হ্ৰাস কৰিবলৈ মোডী প্ৰধানমন্ত্ৰী হোৱা নাইঃ কেন্দ্ৰীয় মন্ত্ৰী

নিউজ ডেস্ক। নৰেন্দ্ৰ মোডী চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পদত অধিষ্ঠিত কপিল পাটিলৰ এক মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ‘আলু-পিয়াঁজৰ দাম হ্ৰাস কৰিবলৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱা নাই।’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজুৰি। বিৰোধীয়ে কপিল পাটিলৰ মন্তব্যক লৈ সমালোচনাত সৰৱ হৈ পৰিছে।

শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ থানে জিলাৰ কল্যাণ চহৰত এক অনুষ্ঠানত পঞ্চায়তি ৰাজ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কপিল পাটিলে কয় যে আলু আৰু পিয়াজৰ মূল্য হ্ৰাস কৰিবলৈ মোডী প্ৰধানমন্ত্ৰী হোৱা নাই। তেওঁ লগতে কয় যে মানুহে পিয়াজৰ দৰে বস্তুৰ মূল্য বৃদ্ধিৰ বিষয়ে অভিযোগ কৰে, কিন্তু পিজ্জা আৰু মটন (মাংস) কিনিবলৈ কুণ্ঠাবোধ নকৰে।

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ২০২৪ চনৰ ভিতৰত পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ’কে) ভাৰতৰ অংশ হৈ পৰিব।

কপিল পাটিলে কয়, “প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ নেতৃত্ব অব্যাহত ৰাখিব লাগে। কিয়নো তেওঁ ‘কা’, সংবিধানৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫এ আদিৰ বেছিভাগ ব্যৱস্থা আঁতৰ কৰাৰ কাম কৰিছে। মই ভাবো, সম্ভৱতঃ ২০২৪ চনৰ ভিতৰত পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ’কে) ভাৰতৰ অংশ হৈ পৰিব।”

একেটা অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মানুহে ৭০০ টকাৰ মাংস, ৫০০-৬০০ টকাৰ পিজ্জা কিনিব পাৰে, কিন্তু ১০ টকাৰ পিয়াজ আৰু ৪০ টকাৰ বিলাহী আমাৰ বাবে ব্যয়বহুল। তেওঁ কয় “কোনেও মূল্যবৃদ্ধি সমৰ্থন নকৰে। কিন্তু নৰেন্দ্ৰ মোডী আলু আৰু পিয়াজৰ মূল্য হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰী হোৱা নাই। যদি আপুনি এই বস্তুবোৰৰ মূল্য বৃদ্ধিৰ কাৰণ বুজি পায়, আপুনি প্ৰধানমন্ত্ৰীক দোষ নিদিব।”

Leave a Comment