আলফা স্বাধীনৰ শিৱিৰৰ পৰা ২ যুৱকৰ পলায়ন, দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ নেতৃত্বৰ

নিউজ ডেস্কঃ আবেগৰ বশৱৰ্তী হৈ সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা বহু যুৱক-যুৱতীয়ে পৰৱৰ্তী সময়ত নিজৰ ভুল বুজি মূল সুঁতিলৈ ঘূৰি আহিব বিচাৰে।

আৰু তেনে সময়ত বহু যুৱক-যুৱতীয়ে মূল সুঁতিলৈ ঘূৰি আহিবলৈ সক্ষম হ’লেও আন বহু সংখ্যকে প্ৰাণ হেৰুৱাবলগীয়া হয় সংগঠন কিম্বা আৰক্ষীৰ হাতত।

আবেগৰ বশৱৰ্তী হৈ ৫ মাহ পূৰ্বে অৰ্থাৎ ২০২১ৰ ১৬ ডিচেম্বৰত আলফা স্বাধীনত যোগ দিছিল তিনিচুকীয়াৰ ৩ জনকৈ যুৱকে।

কিন্তু ৫ মাহ পিছত আলফাৰ শিৱিৰৰ পৰা পলায়ন কৰা তাৰে দুজন যুৱকক আলফা স্বাধীনে দেখা মাত্ৰেই গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিয়াৰ বিষয়ে খবৰ প্ৰকাশ পাইছে।

photo1653821010
আলফা স্বাধীনৰ শিৱিৰৰ পৰা ২ যুৱকৰ পলায়ন, দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ নেতৃত্বৰ 3

জানিব পৰা মতে, ২০২১ৰ ১৬ ডিচেম্বৰৰ পৰাই সন্ধানহীন হৈ আছিল তিনিচুকীয়াৰ মামৰণি গাঁৱ আৰু ডিগবৈৰ নলনিগাঁৱৰ তিনি যুৱক ক্ৰমে বিমানন্দ বৰুৱা, শ্যামল বৰুৱা আৰু মণ্টু নেওগ।

যুৱক কেইজন সন্ধানহীন হৈ থকাৰ বিষয়ে পৰিয়ালে আৰক্ষীক অৱগত কৰিলেও বিগত ৫ মাহে আৰক্ষীয়েও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল তিনিওৰে।

কিন্তু শনিবাৰে প্রশাসনৰ তৰফৰ পৰা বিমানন্দ বৰুৱা আৰু শ্যামল বৰুৱাৰ পৰিয়ালক এই কথা অৱগত কৰা হয় যে দুয়োজন যুৱকে আলফাৰ শিৱিৰৰ পৰা পলায়ন কৰিছে। এই খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ লাগে দুয়োজন যুৱকৰ পৰিয়ালত।

আনহাতে পলাতক যুৱক দুজনক দেখা মাত্ৰকেই গুলীওৱাৰ বাবে আলফা স্বাধীনৰ নেতৃত্বই নিৰ্দেশ দিয়া বুলি খবৰ লাভ কৰাত পিছতে এতিয়া সন্তানক হেৰুওৱাৰ শংকাত ভুগিছে বিমানন্দ আৰু শ্যামলৰ পিতৃ-মাতৃ।

যুৱক দুজনক সোঁশৰীৰে ঘৰলৈ উভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে দুয়োজন যুৱকৰ পৰিয়ালৰ লোকে।

লগতে চাওকঃ

বিদ্ৰােহী সংগঠনলৈ আন এগৰাকী অসমীয়া যুৱক! ভিডিঅ’ বাৰ্তা প্ৰেৰণ

বিদ্ৰােহী
আলফা স্বাধীনৰ শিৱিৰৰ পৰা ২ যুৱকৰ পলায়ন, দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ নেতৃত্বৰ 4

Leave a Comment