Mon. Nov 23rd, 2020

নিউজ ডেস্ক। আলফা (স্বাধীন)ত পুনৰ এক মােক্ষম আঘাত।

আৰক্ষী-সেনাৰ অভিযানত আটক হ’ল সংগঠনটােৰ চেকেণ্ড লেফটেনেন্ট প্ৰান্তিক অসম।

জিলাখনৰ পেঙেৰীৰ এক বনাঞ্চলৰ পৰা বুধবাৰে নিশা আটক হয় দুৰ্ধৰ্ষ নেতাগৰাকী।

আটকাধীন আলফা উগ্ৰপন্থীজনৰ পৰা সজীৱ গুলী সহ এটা পিষ্টল, আলফাৰ সামৰিক পোচাক আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়।

ধৃত প্ৰান্তিক অসম ম্যানমাৰৰ আলফা স্বাধীনৰ অভিযান গােটৰ ‘থিংক টেংক’ আছিল।

তেওঁ আলফা স্বাধীনৰ লেফটেনেণ্ট কৰ্ণেল অৰুণোদয় অসমৰ অতি ঘনিষ্ঠ সহযোগী আছিল।

জেৰাৰ অন্তত সেনা-চােৰাংচােৱাই অধিক অনুসন্ধানৰ বাবে প্ৰান্তিক অসমক তিনিচুকীয়া আৰক্ষীৰ হাতত চমজাই দিয়ে।