অসমঅসমীয়া

আলফা স্বাধীনৰে ভয়ংকৰ সংঘৰ্ষ সেনা-আৰক্ষীৰ! নিহত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ

নিউজ ডেস্কঃ তিনিচুকীয়া জিলাৰ কাকোপথাৰত শুকুৰবাৰে সংঘটিত সেনা আৰু আলফা স্বাধীনৰ মাজৰ সংঘৰ্ষত আলফাৰ এজন দুৰ্ধৰ্ষ কেডাৰ নিহত হয়।

জানিব পৰা মতে, কাকোপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দ পথাৰ মাজগাঁও গাঁৱৰ এটা ঘৰত ৬জনীয়া আলফা স্বাধীনৰ কেডাৰৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়।

2

এই অভিযানকালত আলফা স্বাধীনৰ দলটোৱে সেনা-আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰত অভিযানকাৰী দলটোৱেও গুলীচালনা কৰে।

আনহাতে এই সংঘৰ্ষকালত আলফাই সেনা-আৰক্ষীলৈ লক্ষ্য কৰি দুটা গ্ৰেণেডো বিস্ফোৰণ কৰে।

এই সংঘৰ্ষ কালত নিহত আলফা সদস্য জনক জ্ঞান অসম বুলি চিনাক্ত কৰা হৈছে।

ইফালে আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ঘটনাস্থলীৰ পৰা পলায়ন কৰা আলফা স্বাধীনৰ সদস্য কেইজনৰ পৰিচয় ক্ৰমে- ৰিংকু অসম, মৃগাংক অসম, উদয় অসম আৰু ৰূপম অসম বুলি জানিব পৰা গৈছে।

আলফাৰ এই দলটোৰ নেতৃত্ব দিছিল ৰূপম অসমে।

ঘটনাস্থলীৰ পৰা সেনা-আৰক্ষীয়ে বহু সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, কূটাঘাতৰ লক্ষ্যৰে এই দলটােৱে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশ হৈ অসমত প্ৰৱেশ কৰিছিল।

Related Articles

Back to top button