fbpx
অসম

আলফা কেডাৰ বিজু গগৈৰ মৃত্যুদণ্ড সন্দৰ্ভত কি ক’লে পৰেশ বৰুৱাই..?

অসম আৰক্ষীৰ চােৰাংচােৱাগিৰি কৰাৰ অভিযােগত পৰেশ বৰুৱা নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড বিহাৰ খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পুনৰ এজন অসমীয়া যুৱকক সংগঠনটােৱে মৃত্যুদণ্ড বিহা খবৰে পােহৰলৈ আহিছে।

প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা (স্বাঃ)ৰ মৃত্যুদণ্ড দিয়া খবৰে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিন্তু এই মৃত্যুদণ্ডৰ খবৰ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে পৰেশ বৰুৱাই।

তেওঁ কয়- বিজু গগৈক মৃত্যুদণ্ড বিহাৰ বাতৰি মিছা। বিজু গগৈয়ে আত্মহননহে কৰিছে। যোৱা ২০ ফেব্ৰুৱাৰীত নিজৰ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিছিল বিজু গগৈয়ে।

তেওঁ লগতে কয়- সেই শিবিৰৰ দায়িত্বত বিজু গগৈ ভাল ল’ৰা আছিল। সন্মানত আঘাত লগাত হয়তো তেওঁ আত্মহত্যা কৰিছে।

লগতে বিজু গগৈয়ে এখন চুইচাইড নোট লিখি যোৱা বুলি সদৰি কৰে পৰেশ বৰুৱাই। য’ত শিবিৰৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰৰ বাবেই আত্মহত্যা কৰা বুলি উল্লেখ থাকে।

প্ৰয়োজন হ’লে চুইচাইড নোটখন সংবাদ মাধ্যমলৈ পঠাই দিব পাৰো বুলিও মন্তব্য কৰে পৰেশ বৰুৱাই।

আনহাতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সন্তোষ লামা আলফাৰ সক্ৰীয় সদস্য নহয়, বৰঞ্চ কেম্পত কাম বন কৰা ল’ৰা বুলিহে মন্তব্য কৰে পৰেশ বৰুৱাই।

লগতে শেহতীয়াভাৱে আলফালৈ যোৱা প্ৰায় সংখ্যকে স্নাতক ডিগ্ৰীধাৰী বুলি মন্তব্য কৰে পৰেশ বৰুৱাই।

অসমৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক ইণ্টাৰভিউত এই কথা সদৰি কৰে পৰেশ বৰুৱাই।

ইপিনে, বিজু গগৈৰ মাতৃয়ে পৰেশ বৰুৱাৰ এই দাবী নস্যাৎ কৰিছে।

সম্প্ৰতি বিজুৰ ঘৰত এক শােকাকুল পৰিৱেশ বিৰাজ কৰিছে।

Related Articles

Leave a Reply

Back to top button