
নিউজ ডেস্ক। পৰেশ বৰুৱাৰ স্বাধীন অসমৰ সপোন কেৱল এক দিৱাস্বপ্ন আখ্যা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ।
ভাৰতৰ ১৪ লাখ সশস্ত্ৰ চিপাহীৰ বিৰুদ্ধে যুঁজি স্বাধীন অসম লাভ কৰাৰ সপোন আলফাৰ অলীক কল্পনাৰ বাহিৰে আন এক নহয় বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

আলফাক অসমৰ বাবে এক দুঃস্বপ্ন আখ্যা দি সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কয়, ‘মই প্ৰথমৰ পৰাই আলফাক অসমৰ বাবে এক দুঃস্বপ্ন আৰু অমংগলীয়া বস্তু বুলি ভাৱো। পৰেশ বৰুৱাই যেতিয়ালৈকে ভাৰতবৰ্ষৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ কথা কৈ থাকিব, সেই পৰ্যন্ত মই তেওঁৰ লগত নাই।’
আলফালৈ কেৱল পঢ়া-শুনা নকৰা, ড্ৰপ আউট ল’ৰা-ছোৱালীহে যায় বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে।
তেওঁ কয় যে উচ্চ শিক্ষিত কোনো যুৱক-যুৱতী আলফালৈ নাযায়। তেওঁলোক যায় লণ্ডন, ৰোম, দিল্লী, মুম্বাইলৈ। হাবিৰ পৰা আলফাই দিয়া হুকুম আমি নামানো বুলিও মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।
লগতে চাওকঃ
অসুস্থ পুত্ৰক সুস্থ কৰাৰ সপোন দেখি আলফালৈ গৈছিল ধনজিৎ, কিন্তু…
