আলফাৰ শেহতীয়া কুচকাৱাজক লৈ ৰাজ্যৰ ৭খন জিলাৰ ১৬টা স্থানত NIAৰ অভিযান…

ৰাজ্যৰ ৭খন জিলাৰ ১৬টা স্থানত NIAৰ অভিযান।

আলফা সম্বন্ধীয় তথ্যৰ বাবে অসমৰ ৭খন জিলাত ১৬টা স্থানত NIA ৰ তালাচী।

কামৰূপ, নলবাৰী, ডিব্রুগড়, তিনিচুকীয়াত অভিযান আৰম্ভ NIAৰ।

লগতে শদিয়া, চৰাইদেউ আৰু শিৱসাগৰতো অভিযান চলায়।

যুৱক-যুৱতী সকলক আলফাত নিযুক্তি, সংগঠনটো শক্তিশালী কৰাৰ বাবে ধন দাবী কৰা, আৰু বেআইনী কাৰ্যকলাপৰ বাবে যুৱক-যুৱতীসকলক উগ্ৰবাদ প্ৰতি আসক্ত কৰা আৰু ম্যানমাৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সিপাৰে অৱস্থিত শিবিৰত তেওঁলোকৰ প্ৰশিক্ষণ আদি সকলো বিষয় সাঙুৰি অভিযান চলায় NIA-এ।

অভিযানত জব্দ ডিজিটেল ডিভাইছ, সক্রিয় মাৰণাস্ত্র, আপত্তিজনক নথি-পত্র।

লগতে আলফা সম্বন্ধীয় গ্রন্থও জব্দ NIAৰ এই অভিযানত।

 বিষয়টোৰ সন্দৰ্ভত আগন্তুক দিনটো অধিক তদন্ত চলিব বুলি জানিব পৰা গৈছে।