আলফা(স্বা)ৰ কেডাৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসমক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। আলফা (স্বাধীন) ৰ মহিলা কেডাৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসমক গ্ৰেপ্তাৰ।

উল্লেখ্য যে ২੦੦২ ইং চনতে সংগঠনটােত যোগদান কৰিছিল পূৰ্ণিমাই ৷

তিনিচুকীয়া আৰক্ষী আৰু অসম ৰাইফলছে চলোৱা যুটীয়া অভিযানত আটক হয় মহিলা কেডাৰগৰাকী।

অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰত পূৰ্ণিমা বৰা ওৰফে মিটু অসমক আটক কৰা হয়।

জানিব পৰা মতে, পূৰ্ণিমা বৰাৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাজিজুলিত ৷

স্বাস্থ্যজনিত কাৰণত ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহে পূৰ্ণিমা বৰা ওৰফে মিটু অসমে ৷

সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে পূৰ্ণিমা বৰা ওৰফে মিটু অসম ৷

Leave a Comment