আলফা(স্বা)ত যোগদান দুই অসম আৰক্ষীৰ জোৱানৰ!

এফালে শান্তি আলােচনাৰ বাবে তৎপৰতা, আনফালে নতুন সদস্য ভৰ্তি অভিযান পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ।

বিগত কিছুদিন ধৰি উজনি-নামনি অসমৰ বিভিন্ন জিলাৰ পৰা আলফা (স্বাধীন)ত যােগদান কৰিবলৈ ম্যানমাৰলৈ ঢাপলি মেলিছে বহু যুৱক-যুৱতীয়ে।

অৱশ্যে এইবাৰ সাধাৰণ লােক নহয়, খােদ অসম আৰক্ষীৰ জােৱানে যােগ দিছে নিষিদ্ধ ঘােষিত সংগঠনটােত।

হয়, এই চাঞ্চল্যকৰ খবৰে ইতিমধ্য তােলপাৰ লগাইছে অসম আৰক্ষীৰ ভিতৰচৰাতাে।

জানিব পৰা মতে, শেহতীয়াকৈ সংগঠনটােত যোগদান কৰা তিনি যুৱকৰৰ ভিতৰত আছে দুজন অসম আৰক্ষীৰ জোৱান।

ইয়াৰে এজন জােৱানৰ নাম কৌশিক গোহাঁই। এই জােৱানজনৰ ঘৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ গৃহভূমি জেৰাই গাঁৱত৷

কৌশিক গোহাঁই মাকুম আৰক্ষী থানাত কৰ্মৰত ৷

আনহাতে, সোনাৰিৰ চৰাইদেও জিলাৰ সাপেখাটিৰ নিমল ফুকন নামৰ আৰক্ষী জােৱানজন শিলচৰ কৰ্মৰত ৷

ইয়াৰােপতি পিংকু মৰাণ নামৰ আন এজন যুৱকেও আলফা (স্বাধীন)ত যােগদান কৰা বুলি তথ্য প্ৰকাশ পাইছে।

এই যুৱকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ তালাপ তামুলি গাঁৱত।

আটাইকেইজন ইতিমধ্যে ম্যানমাৰত আলফাৰ শিবিৰত গৈ উপস্থিত হৈছেগৈ। এই খবৰে স্বাভাৱিকতে হাহাকাৰ লগাইছে যুৱককেইজন পৰিয়াল তথা গাঁৱতাে।

Leave a Comment