আলফা(স্বাঃ)ৰ বিবৃতিঃ সেনা-আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩ যুৱকৰ সৈতে কোনো সম্পৰ্ক নাই আলফাৰ…

ডিগবৈত সেনা-আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩ যুৱকৰ সৈতে কোনো সম্পৰ্ক নাই আলফাৰ।

এক বিবৃতিযোগে এই কথা স্পষ্ট কৰি দিছে আলফা স্বাধীনে।

সংবাদ মাধ্যমলৈ আলফা স্বাধীনে প্ৰেৰণ কৰা এক বিবৃতিত জনায় যে, ১৩ ছেপ্টেম্বৰত তিনি যুৱকক আলফা স্বাধীনৰ যোগাযোগকাৰীৰ সন্দেহত গ্ৰেপ্তাৰ কৰি মেজৰ ৰূপম অসমৰ সৈতে যোগাযোগ ৰক্ষা কৰা বুলি প্ৰচাৰ চলোৱা কাৰ্য সম্পূৰ্ণ ভিত্তিহীন।

উক্ত যুৱক তিনিজনৰ সৈতে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ কোনো নেতা, বিষয়া তথা সদস্যৰ কোনো ধৰণৰ যোগসূত্ৰ নাই।

image 108
আলফা(স্বাঃ)ৰ বিবৃতিঃ সেনা-আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩ যুৱকৰ সৈতে কোনো সম্পৰ্ক নাই আলফাৰ... 2

উল্লেখযোগ্য যে আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল সেনা–আৰক্ষীয়ে।

আটক কৰা যুৱক কেইজন ক্ৰমে বৰডুমচা ৰতনি পথাৰ গাঁৱৰ হৰকান্ত মৰাণ (২৪), মিহলি ঋতুপথাৰ গাঁৱৰ কলিয়া দহোটীয়া (৩৬) আৰু বৰডুমচাৰ দিপ্লৱ ফুকন(২৭)।

আলফা নেতা ৰূপম অসমৰ সৈতে সঘনে যোগসূত্ৰ ৰক্ষা কৰি চলাৰ অভিযোগত তিনি যুৱকক আটক কৰি চাৰিদিনৰ বাবে জিম্মাত লৈছিল ডিগবৈৰ আৰক্ষীয়ে।