অসম

আলফা(স্বাঃ)ৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল ৩ জনকৈ যুৱক…

ঢকুৱাখনাত তিনিজন ভুৱা আলফা (স্বা) সদস্য গ্ৰেপ্তাৰ।

ব্যৱসায়ীক ৫ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হয় তিনি ভুৱা আলফা(স্বা)সদস্য।

আলফা(স্বা) ৰ নামত দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ হাতত কৰায়ত্ব হয় তিনি যুৱক।

ধৃত ভুৱা আলফা সদস্য ৩ জন হৈছে ঢকুৱাখনা ভলুকাগুৰিৰ ধন চুতীয়া, গহপুৰৰ ডুবিয়াৰ তপন শইকীয়া(পিংকু) আৰু চাবুৱাৰ জুলিয়ান ৰজক।

উল্লেখ্য যে, ঢকুৱাখনা নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পংকজ চাহুক ম’বাইল ফোনযোগে ৫ লাখ টকা আলফা সংগঠনৰ নামত দাবী কৰি আহিছিল যুৱক কেইজনে।

ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত ঢকুৱাখনা থানাত এজাহাৰ দাখিল কৰাত বুধবাৰে সন্ধিয়া ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মন্টুৰাম বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই ঢকুৱাখনা নগৰৰ পৰা তিনিওজন ভুৱা আলফাক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে ঢকুৱাখনা থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৬ ধাৰাৰ অধীনত ৩২০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Back to top button