আলফা(স্বাঃ)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক, 9mm পিষ্টলসহ সজীৱ গুলী জব্দ…

আলফা(স্বাঃ)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক।

তিনিচুকীয়া জিলাৰ জাগুনৰ সীমামূৰীয়া অঞ্চলৰ পৰা আটক কৰা হৈছে দুধৰ্ষ কেডাৰজনক।

মঙলবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ স্থিত ১৯ নং আচাম ৰাইফলছে অসম অৰুণাচল সীমামূৰীয়া টিংকুপানী সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় আলফা স্বাধীনৰ সদস্যজনক।

আটকাধীন সদস্য গৰাকী নাম গ্ৰীৰিন্দ্ৰ চেতিয়া(৩৮) ওৰফে পৱিত্ৰ অসম।

ধৃত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত জেঙনী গাঁৱত বুলি জানিব পৰা গৈছে।

আটকাধীন সদস্য গৰাকীৰ পৰা এটা ৯ এম এম পিষ্টল, ৩ জাই সক্ৰিয় গুলী জব্দ কৰা হয়।

আচাম ৰাইফলছে আটকাধীন সদস্যগৰাকীক আজি জাগুন আৰক্ষী গতাই দিয়ে।

Leave a Comment