অসম

আলফাটো সমস্যাৰ ভিতৰত নপৰে, ভুল বুজাবুজিৰ বাবেহে সমস্যাৰ সৃষ্টি হৈছেঃ মুখ্যমন্ত্ৰী

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত আলফা(স্বা:) সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘আলফাটো সমস্যাৰ ভিতৰত নপৰে, ভুল বুজাবুজিৰ বাবেহে সমস্যাৰ সৃষ্টি হৈছে। আলোচনাৰ মাজেৰে ইয়াক সমাধান কৰা যাব।

তেওঁ কয়- আলফাটো সমস্যাৰ ভিতৰত নপৰে। সমস্যা বুলিলে বানপানী, সীমা সমস্যা এইবোৰ। আমি নিজৰে নিজৰ মাজত কাজিয়া কৰি থকাটো সমস্যা বুলি ক’ব নোৱাৰো। এইটো এটা ভুল বুজাবুজি। পৰেশ বৰুৱাৰ এটা দৃষ্টিভংগী আছে, আমাৰ এটা দৃষ্টিভংগী আছে। এইটো ঘৰৰ সমস্যা ঘৰতে শেষ কৰিম।

তেওঁ লগতে কয়- আলফা(স্বাঃ) সমস্যাতো অসমৰ সমস্যা, উঃ-পূবৰ সমূহীয়া সমস্যা নহয়। আলফা সমস্যা উত্তৰ পূবৰ সমূহীয়া সমস্যাৰ ভিতৰত নপৰে।

উল্লেখ্য যে, আলফা আৰু চৰকাৰৰ মাজত আলোচনা সন্দৰ্ভত চিন্তা চৰ্চা চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে অসমীয়া যুৱক-যুৱতীৰ আলফা গমন।

Related Articles

Back to top button