fbpx
অসমীয়াঅসম

আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ! পত্নীসহ পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ বিতৰ্কিত ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, ৫ দিনৰ CID জিম্মালৈ প্ৰেৰণ…

নিউজ ডেস্কঃ পুনৰ গ্ৰেপ্তাৰ ধূলা আৰক্ষী থানাৰ পূৰ্বৰ বিতৰ্কিত ভাৰপ্ৰাপ্ত উৎপল বৰাক।

আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক।

লগতে গ্ৰেপ্তাৰ কৰা হৈছে পত্নী ৰেখা ডেকাকো।

শুকুৰবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে সপত্নীক উৎপল বৰাক।

ইয়াৰ পিছতে আদালতত হাজিৰ কৰোৱাত আদলতে ৫ দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষী বিষয়াগৰাকীক।

উল্লেখ্য যে, পূৰ্বে ধূলাত এগৰাকী বনকৰা কিশোৰীৰ হত্যাকাণ্ড গাপ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক।

ইয়াৰ পিছতে শুকুৰবাৰে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী বিষয়াজনক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!